ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি ,স্মৰণ

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল ।

জীৱন সম্পৰ্কে তেখেতৰ সংজ্ঞা আছিল– জীৱনটো এক অনন্ত কবিতা৷ জীৱন জীৱন বৰ অনুপম৷ তেখেত অসমৰ জাতীয় জীৱনক গীত, সুৰ আৰু কবিতাৰে গভীৰ আৰু বিস্তৃতভাৱে স্পৰ্শ কৰা ড° নিৰ্মলপ্ৰভা বৰদলৈ ৷

সাহিত্য-সংস্কৃতিৰ বিশাল পৰিমণ্ডলৰ এটি উজ্জ্বল তৰা হিচাপে জিলিকি থকা সৰস্বতী ‘নীলা বাইদেউ’ৰ প্ৰতিভা আৰু প্ৰজ্ঞাই যিধৰণে আহ্লাদিত কৰিছিল, আজিও তেখেতৰ অপূৰ্ব সৃষ্টিসমূহে হেজাৰজনক উজ্জীৱিত কৰে৷ জ্ঞান তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত আমাৰ দৈনন্দিন বাৰ্তাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ৷

Related Articles