ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব ড° ৰবি কোটা৷
৩১ মার্চত দায়িত্ব ল’ব জ্যেষ্ঠ IAS বিষয়াজনে৷
৩১ মাৰ্চত উকলিব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল৷

বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ ADL. CS হিচাপে কৰ্মৰত ড° কোটা৷
১৯৯৩ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ বিষয়া ড° কোটা অসম-মেঘালয় গোটৰ IAS৷
মঙলবাৰে ৰাজ্য চৰকাৰে এক অধিসূচনাৰ যোগে IAS ড° কোটাক পৰৱৰ্তী মুখ্য সচিব পদত নিযুক্তি দিয়াৰ কথা জানিবলৈ দিয়ে।