ডাঃ সৌৰভ কুমাৰ ভূঞাৰ ‘আপোনাৰ লগত মোৰ দুটামান কথা আছিল’ উন্মোচন

দুখীয়া আৰু আৰ্তজনৰ বাবে সহায়ৰ বাবে সততে প্ৰস্তুত থকা আগশাৰীৰ চকু চিকিৎসক ডাঃ সৌৰভ কুমাৰ ভূঞাৰ প্ৰথমখন কবিতা সংকলন ‘আপোনাৰ সৈতে মোৰ দুটামান কথা আছিল’ শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱন প্ৰক্ষাগৃহত৷ ‘আমাৰ অসম’কে ধৰি অসমৰ আন আন আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পোৱা হৃদয়স্পৰ্শী লেখা আৰু কবিতাৰে পাঠকৰ চিনাকি হৈ পৰা মানৱদৰদী চিকিৎসক ডাঃ সৌৰভ কুমাৰ ভূঞাৰ প্ৰথমখন কবিতা সংকলন উন্মোচন কৰে ফৰেনছিক বিশেষজ্ঞ ড° পদ্মপাণি আৰু বিশিষ্ট কবি কৌস্তুভমণি শইকীয়াই ৷ বিনু ভূঞাই প্ৰকাশ কৰা কবিতা সংকলনখন উন্মোচন কৰি ড° পদ্মপাণিয়ে ডাঃ ভূঞাৰ কবিতা আৰু আন আন লেখাৰ লগতে তেওঁৰ পৰোপকাৰী মনোভাৱক অতিকৈ প্ৰশংসা কৰে ৷

উল্লেখ্য, প্ৰয়াত হোমেন বৰগোহাঞিৰ দ্বাৰা আৰম্ভ হোৱা অসমৰ আগশাৰীৰ দাতব্য ন্যাস ‘কৰুণাধাৰা’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল ডাঃ সৌৰভ কুমাৰ ভূঞা ৷ চিকিৎসকৰ দৰে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি দুখীয়া আৰু বিশেষভাৱে সক্ষম লোকৰ সহায়ৰ হাত আগবঢ়োৱা ডাঃ ভূঞাৰ প্ৰথমখন কবিতা সংকলনৰ উন্মোচনী সভাত ভিৰ কৰেহি বহু লোকে। ডাঃ ৰুবী কটকীয়ে আঁতধৰা সভাত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জনপ্ৰিয় কবি কৌস্তুভমণি শইকীয়া, প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা লেখক ৰবেন্দ্ৰ কুমাৰ দাস, ‘কৰুণাধৰা’ৰ কাৰ্যকৰী সভাপতি নীলিমা গোস্বামী, মুখ্য সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মা আদিয়ে ডাঃ সৌৰভ কুমাৰ ভূঞাৰ সাহিত্য আৰু কবিতাৰ প্ৰশংসা কৰে ৷

Related Articles