ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি মনোনীত

বৰপেটাৰ সু সন্তান, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ  তথা জ্যেষ্ঠ ৰাজনীতিবিদ ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছে। ডাঃ তাৰ প্ৰসাদ দাসক অসম গণ পৰিষদ দলৰ সভাপতি স্বাক্ষৰিত পত্ৰ যোগেদি এই কথা অৱগত কৰা হয় ।ডাঃ তাৰা প্ৰসাদ দাসক এই দায়িত্ব অৰ্পণ কৰাত অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিযে আদৰনী জনাইছে।উল্লেখযোগ্য যে ২১ৰ বিধানসভা নিৰ্বাচনৰ আগ মূহুৰ্তত বৰপেটা সদৰ সমষ্টিত  ডাঃতাৰা প্ৰসাদ দাসে অগপ যোগদান কৰিছিল।  ডা: দাস  এসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য আৰু নামনি অসমৰ এগৰাকী বলিষ্ঠ কংগ্ৰেছ কৰ্মী হিচাপে জনাজাত আছিল। বৰপেটাৰ প্ৰাক্তন পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ডা: তাৰা প্ৰসাদ দাসে ২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বৰপেটা সদৰ সমষ্টিৰ প্ৰধান দাবীদাৰ আছিল যদিও সমষ্টিটোত কেৱল মুছলমান লোককহে প্ৰাৰ্থীত্ব দিব লাগে বুলি এক কুটিল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বলি হৈ তেওঁ প্ৰাৰ্থীত্বৰ পৰা নাটকীয় ভাৱে বঞ্চিত হ’ব লগীয়া হয় বুলি অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ ফলত অকল ডা: তাৰা প্ৰসাদ দাসে ক্ষোভিত হোৱাই নহয়,বৰপেটা কংগ্ৰেছৰ একাংশ কংগ্ৰেছ কৰ্মীৰ মাজতো ক্ষোভৰ উদ্গীৰণ ঘটিছিল। ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছী নেতাৰ তীব্ৰ হেঁচাৰ ফলস্বৰূপে ডা: দাস অমুছলমান হোৱা বাবে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা বুলি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে অভিযোগ তুলি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই জিলা কংগ্ৰেছ কাৰ্যালয় অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কৰি দিছিল আৰু শেহতীয়া ভাৱে কাৰ্যালয়টোৰ মূল প্ৰবেশ পথত পকী বেৰ বান্ধি বন্ধ পৰ্যন্ত কৰি দিয়াৰ দৰে পথ লব লগীয়া হৈছিল।

Related Articles