গুৱাহাটী, ২১ অক্টোবৰ: চৈয়দ আব্দুল মালিকৰ গল্পৰ(Drama Kathfula) মজা আৰু মোহ পূৰামাত্ৰাই ৰক্ষা কৰি পৰিচালক কুশল ডেকা আগবাঢ়িছে। মঞ্চত দেখা নাটকখন গল্পটোত সোমাই আছিল। গল্পত কোৱা কাহিনীটোৱে নাটকখনৰ পৰিৱেশ সহিতে সেই মজা আৰু মোহ সংস্থাপন কৰিছে।
মূল গল্পত মালিকে(Storyteller Syed Abdul Malik) লিখিছিল, “সমুখৰ পৰা অহা ছায়াটো প্রায় মমতাজৰ সমুখেই পালেহি। সিও যেন কিবা এটা ভাবি আহিছিল।
হঠাৎ মমতাজৰ ওচৰ পাই, হতভম্ব হোৱাৰ দৰে সেই আন্ধাৰৰ ছায়া মূৰ্তিটো আলিটোৰ একাষলৈ গ’ল। মূৰ্তিটো কাষলৈ যোৱা দেখি পিছফালৰ পৰা আক্ৰমণ কৰে বুলি লগে লগে মমতাজো ঘূৰিল।
মূৰ্তিটো ৰৈ দিলে। মমতাজো ৰ’ল। মূৰ্তিটোলৈ মমতাজে ভালকৈ চালে, পাতল আন্ধাৰত দেখিলে- মূৰত ওৰণি লোৱা এজনী তিৰোতা৷ মমতাজৰ কিন্তু প্রত্যয় নগ’ল। বহুত গুণ্ডাই এনেকৈ তিৰোতাৰ ভেশ ধৰি বাটত উপদ্ৰৱ কৰে।
মমতাজ ঘূৰিব খুজিলে, কিন্তু ভয় হ’ল জানোচা ঘূৰিলেই তাক পিছফালৰ পৰা হঠাৎ আক্ৰমণ কৰে। সাহস গোটাই মমতাজ মূৰ্তিটোৰ অলপ কাষ চাপি গ’ল। মূৰ্তিটো একে ঠাইতে থিয় দি থাকিল।” এই বৰ্ণনাৰ ন্যায়সংগত প্রয়োগ পৰিচালকে কৰিছে।
নাটকৰ বাবে আমোদ সৃষ্টি কৰিবলৈ গৈ ছায়া আৰু এন্ধাৰৰ মৰ্ম পাহৰি নোযোৱা পৰিচালক কুশল ডেকাই(Director Kushal Deka) যিমানখিনি details অটুট ৰাখিছে, যিমানখিনি ধীৰগতি অক্ষুণ্ণ ৰাখিছে সেয়ায়েটো মালিকৰ গল্প পঢ়াৰ আনন্দ।
মূৰত ওৰণি লৈ ওলোৱা সেই মূৰ্তিটো আছিল বেদানা নামৰ এগৰাকী ছোৱালীৰ৷ অসহায় ছোৱালীজনীক মমতাজে নিজৰ অকলশৰীয়া কোঠালৈ লৈ আহিল। মলিন; অপৰিষ্কাৰ কোঠাটোত বেদানাৰ আশ্ৰয় সম্ভৱ কৰি তুলিলে মমতাজে।
কৌমাৰৰ জীৱনৰ এটা এটা শ্ৰমক্লান্ত নিশা কটাব পৰাকৈ ব্যৱহৃত এই কোঠাটোত লাহে লাহে পোহৰ, চাবোন, কাপোৰ, চৌকা, বজাৰ আদিৰ প্রৱেশ ঘটিল।
একো সম্পৰ্কৰে মমতাজে বান্ধি পেলোৱা নাছিল বেদানা নামৰ এই ছোৱালীজনীক তথাপি খাকী পোছাক পিন্ধি ওলাই যোৱা মমতাজক হাতত আলকাতাৰাৰ দাগ লগাই ৰাতি ঘৰ সোমোৱা দেখি, শুবৰ পৰত মজিয়াত নামাজ পঢ়ি শুই থকা দেখি বিছনাখনৰ পৰা অকলে বেদানাই এটা মৰ্ম-সংবেদী সম্পৰ্ক মনে মনে গঢ়ি আছিল।
এইযে মমতাজ আৰু বেদানাৰ চিনাকি-অচিনাকি, ৰুদ্ধ-উন্মুক্ত, উদাসীন-দায়বদ্ধ চৰিত্ৰৰ পৰা আপোন এক স্থিতিলৈ বাঢ়ি অহা মহূৰ্তবোৰ নয়নজ্যোতি শইকীয়া আৰু প্রাচী শৰ্মাৰ অভিনয়ত সৰৱ আৰু সবল হৈ পৰা দৃশ্য আছিল। তেনে দৃশ্যৰ নিপুণ খনিকৰ কুশল ডেকা।
এদিন মমতাজৰ বেমাৰ হয়। বেমাৰ চোৱা ডাক্তৰ আহে। ডাক্তৰে বেদানালৈ এক আৱাহনী প্ৰণয় দেখুৱায়। এই প্রণয়ৰ ৰং বেদানাৰ বাবে মমতাজৰ দায়িত্বশীল প্রেমতকৈ যেন বেছি হৈ পৰিল।
বেদানা ডাক্তৰৰ হৈ গ’ল। মালিকে লিখিছে, “কাৰখানাৰ পৰা পৰা উলটি আহোতে তাৰ ঘৰৰ ফালৰ পৰা এখন মটৰ তাৰ কাষেদি লাহে লাহে পাৰ হৈ গ’ল। সি চকু তুলি দেখিলে ডাক্তৰৰ লগত বেদানা! আকৌ সি খোজ ল’লে।
তাৰ ঘৰৰ বন্ধ দুৱাৰখনৰ মুখত কাহানিবাই মাটি লৈৰে লিখা নামটো সি এবাৰ পঢ়িলে- “বেদানা” তাৰ বুকুৰ মাজৰ পৰা এটা হমুনিয়াহ ওলাই আহিল। হেঁচা মাৰি দুৱাৰখন মেলি সি ভিতৰলৈ সোমাই গ’ল। প্রথমতে সি যেন তাৰ ভিতৰখনত একো নেদেখিলে৷
সি চকীখনতে বহি পৰিল। এবাৰ বেদানাই সামৰি থৈ যোৱা বিছনাখনৰ ফালে চালে।” এই যে সংবেদনশীলতাৰে মূৰ্তমান একোটা বিৱৰণ মূল গল্পটোত পঢ়িবলৈ পোৱা যায়; পৰিচালক কুশল ডেকাই তাৰেই নিৰ্মাণ কৰিছে অনাহক মেদ মুঠেই নৰখাকৈ।
যাৰ বাবে চফুৰ (তপন গোস্বামী), ডাক্তৰ (মিলন দাস) মদন (খঞ্জন বৰা), শ্রমিক (দীপাংকৰ বৰা) এই চৰিত্ৰকেইটিও সাময়িক উপস্থিতিৰে অতি গভীৰ স্থিতি দেখুৱাই থৈ যাব পাৰিছে। মঞ্চত মমতাজৰ মলিন কোঠা, কোঠাৰ ভিতৰত ইকৰাৰ বেৰ-বিছনা, জলঙাৰে বিভাজিত দুটা কোঠা ইত্যাদিৰ উপস্থাপনত কুশল ডেকা সম্পূৰ্ণৰূপে মালিকৰ visualization তেই আছে।
ৰং-পোহৰৰ অৰ্থবহ প্রয়োগ, সংগীত-অভিনয়ৰ সুষম মিশ্ৰণ পূৰামাত্রাই ভাল লগা আছিল। আজিৰ পৰা ৫০-৬০ দশক পূৰ্বৰ এটি গল্পৰ নাট্যৰূপ দিবলৈ গৈও সময়ৰ মৰ্যাদা ম্লান হ’বলৈ নিদিলে কুশল ডেকাই।
ভাব-ভংগীৰ ব্যাপকতাৰ বিপৰীতে মূল গল্পৰ দ্বন্দ্ব পাৰদৰ্শিকতাৰে আঁকিছে পাণ্ডুলিপিখনিয়ে৷ প্ৰতীকী মঞ্চসজ্জাৰূপে ব্যৱহৃত কাঠফুলাৰ বৰণৰ যেন কঠন আৰু অনুভৱ স্পষ্ট হৈ গৈ আছিল। বেদানা আৰু ডাক্তৰৰ মাজত বাঢ়ি অহা আকৰ্ষণ কাঠফুলা সদৃশ যে আছিল তাকো অতি সুখ-মুগ্ধ পৰিচালনাৰে বুজাইছে।
অসমৰ সমসাময়িক নাট্যচৰ্চাত বিশ্বনাথ চাৰিআলিৰ নাট্যগোষ্ঠী বৰ্ণমে এইদৰে অতি উচ্চমানৰ আৰু সন্মানীয় নাটক পৰিৱেশন কৰি আহিছে। আব্দুল মালিকৰ গল্পৰ সাৰ্বজনীনতা অক্ষুণ্ন ৰাখি এই শতিকাৰ দৰ্শকৰ বাবে নাট্যৰূপ দিবলৈ গৈ কুশল ডেকাই সময়ৰ অভিৰুচি আওকাণ কৰা নাই।
নাট্যশিল্পী অসীম নাথৰ নেতৃত্বত ছিপাঝাৰত গঢ় লৈ উঠা চৰ্চাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত প্ৰথম নিশাৰ প্ৰথমখন নাটক হিচাপে বৰ্ণমৰ ‘কাঠফুলা’ নিমন্ত্ৰিত হৈছিল। এই সমাৰোহখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰি ‘কাঠফুলা’ নাটকখনিয়ে এইবেলি চৰ্চাৰ বাবে আশাবাদ প্রতিষ্ঠা কৰিলে ছিপাঝাৰৰ নাটপ্রেমী সমাজত।
লোখকঃ হিল্লোল কুমাৰ পাঠক (Hillol Kumar Pathak)