Breaking

নাজিৰাত ডাৰেক্ট চেলিং মাৰ্কেটিঙৰ টিম ডেচট্ৰিনীৰ সৌজন্যত ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা

0 59

নাজিৰাত ডাৰেক্ট চেলিং মাৰ্কেটিঙৰ টিম ডেচট্ৰিনীৰ সৌজন্যত ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা / ৰেঙ্ক এচিভাৰক অভিনন্দন। ২০২৫ চনৰ ভিতৰত ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ তথা সপোনৰ ইণ্ডাচট্ৰীলৈ ৰূপান্তৰ হোৱাৰ দিশত অগ্ৰসৰ হোৱা ডাৰেক্ট চেলিং ইণ্ডাচট্ৰীৰ ভিতৰত শীৰ্ষ স্থানত উপনীত এম লাইফ ষ্টাইল মাৰ্কেটিং গ্ল’ৱেল প্ৰাইভেট লিমিটেড । এই মাধ্যমৰ সৈতে জড়িত হৈ সমগ্ৰ ভাৰতৰ লগতে অসম তথা উত্তৰ – পূৱত ইতিমধ্যে শত সহস্ৰজনৰ জীৱন পৰিৱৰ্তনৰ লগতে হাজাৰ হাজাৰ পৰিয়াল অৰ্থনৈতিক ভাৱে সুৰক্ষিত হৈ উঠিছে । এনে এক ব্যৱস্থাত জড়িত হোৱা এম আই লাইভ ষ্টাইলৰ নাজিৰাৰ টিম ডেচট্ৰিনীৰ সৌজন্যত আজি নাজিৰা নগৰস্থ শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ – ছাত্ৰী সকলৰ লগতে অভিভাৱকৰ মাজত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগীতা । তিনি শতাধিক ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনি মুকলি কৰে উদীয়মান চিত্ৰশিল্পী আলি হাইদৰে । পিছত অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আই টি চি আলোক হাজৰিকাই ডাৰেক্ট চেলিং ইণ্ডাচট্ৰীৰ এম আই লাইফ ষ্টাইল মাৰ্কেটিং গ্ল’ৱেল প্ৰাইভেট লিমিটেডৰ জৰিয়তে অৰ্থনৈতিক সুৰক্ষিত দিশত অভূতপূৰ্ৱ সম্ভাৱনা কঢ়িয়াই হাজাৰ হাজাৰ জনৰ আৰু পৰিয়ালৰ জীৱন ধাৰণ পৰিৱৰ্তন ঘটিছে বুলি মতপোষণ কৰে।

অনুষ্ঠানত গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ জিতু শইকীয়াই অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত ডাৰেক্ট চেলিং ইণ্ডাচট্ৰীৰ প্ৰয়োজনীয়তা ইয়াৰ জৰিয়তে সমাজৰ উত্তৰণত বলিষ্ঠ ভূমিকাৰ বিষয়ে আলোকপাত কৰে।আৰ টি চি অৰ্পূৱ কাকতিৰ পৰিচালনা , ভাস্কৰজ্যোতি বৰগোহাঁই , মিণ্টু চিত্ৰকৰ আৰু দিলীপ হাজৰিকাই সূত্ৰধৰা অনুষ্ঠানত এম আই লাইফ ষ্টাইল মাৰ্কেটিং গ্ল’ৱেল প্ৰাইভেট লিমিটেডৰ নাজিৰাৰ টিম ডেচট্ৰিনীৰ ৰেঙ্ক এচিভাৰ সকলক অভিনন্দন জনোৱাৰ লগতে প্ৰতিযোগীতাৰ বিজয়ী সকলক মানপত্ৰ , ট্ৰফীৰে পুৰস্কৃত কৰাৰ লগতে অংশগ্ৰহণ কাৰী সকলক মানপত্ৰৰে সন্মানিত কৰে।


নাজিৰাৰ পৰা দিলীপ হাজৰিকা প্ৰতিবেদন

Leave A Reply

Your email address will not be published.