দৈনন্দিন বাৰ্তা :
অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে এষাৰ কথা কৈছিল, ‘যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে,’। কিন্তু এই কথাষাৰ প্ৰকৃতাৰ্থত আজিৰ অসমীয়াই কিমান উপলব্ধি কৰিব পাৰিছে। সৰহ সংখ্যক অসমীয়াই পৰা নাই। সীমিত সংখ্যক কোনোবা থলগিৰি ডেকাই পাৰিছে যদিও তেওঁ কোনোবাখিনিত থমকি ৰ’বলগীয়া হৈছে। সংগ্ৰামৰ এই ক্ষেত্ৰখনত কিমানজন শিক্ষিত নিবনুৱাই আত্মনিয়োগ কৰিব পাৰিছে! কেৱল মাত্ৰ চৰকাৰী চাকৰীৰ লালসাত বহি থাকিয়েই জীৱনৰ মূল্যবান সময়খিনি অবাবত নষ্ট কৰাৰ প্ৰয়োজন আছে জানো! সৌ সিদিনালৈকে ডিঙিত গামোচা লৈ বুকু ফিন্দাই থলুৱা নিবনুৱা যুৱকক কৰ্ম-সংস্থাপন দিয়াৰ কথা কৈছিল কোনোবা মন্ত্ৰীয়ে। কাৰ্যক্ষেত্ৰত সেইয়া সম্ভৱ হ’ল জানো? গতিকে আমি নিজৰ ভৱিষ্যত নিজেই নিৰূপণ কৰিব লাগিব। গ্ৰাম্য জীৱনৰ ৰীতি-নীতি, ধৰ্মীয়-পৰম্পৰা, আচাৰ-ব্যৱহাৰ, লোক-সংস্কৃতি, বিশ্বাসক আকোৱালী লৈয়ে ডাঙৰ হৈছোহি। জীৱনৰ বাকী কালছোৱাও গাঁওতেই থাকি আগুৱাম বুলি উপলব্ধি কৰিব পাৰিছো। জীৱনৰ সংগ্ৰামবোৰ দেখি আহিছো গাঁওতেই। প্ৰতিটো খোজতেই সংগ্ৰাম বুকুত বান্ধি পোৱা-নোপোৱাৰ বহু উজাগৰী দিন পাৰ কৰিছো। পথাৰতেই আমাৰ সপোনবোৰ ফুলাইছো। পিতাইৰ নাঙলৰ মুঠিত সপোন দেখিছো, আইৰ দুচকুত দেখিছো প্ৰাপ্তিৰে ভৰা স্নিগ্ধ পোহৰ। আমাৰ গাঁৱৰ প্ৰতিজনেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। বাৰিষা খেতিৰ দিনত কপাঁলৰ ঘাম মাটিত পেলাই আঘোণত সোণোৱালী ধাননিৰ ৰূপ সৌন্দৰ্যই আলোড়িত কৰে। আমি কোনোকালেও সংকোচ কৰা নাই ক’বলৈ মোৰ পিতাই যে পথাৰৰ সৈনিক। অফিচৰ টেবুলৰ তলেৰে ঘোচ লোৱা কাৰোবাৰ দেউতাতকৈ মোৰ পিতাইয়ে প্ৰকৃত আৰু সত্য। সিদিনা টেলিভিছনৰ পৰ্দাত দেখিবলৈ পালো এজনী ছোৱালীয়ে কোৱা,’ মোৰ দেউতাই গাহৰি কাটে’, কথাষাৰ বাকীসকলে উপেক্ষা কৰি হাঁহি খিকিন্দালি কৰিলে। কিয় এনে হৈছে? আমি কিয় ক’ব নোৱাৰিম সঁচা কথাটো যে মোৰ পিতাই খেতিয়ক বুলি। কিহৰ ইমান ঠাট্টা, কিহৰ ইমান শংকা। বহু ল’ৰা-ছোৱালীয়ে কবলৈ লাজ পায় মোৰ দেউতা খেতিয়ক বুলি। উচ্চ শিক্ষিত অভিজাত শ্ৰেণীৰ লগত সমানে ফেৰ মাৰিব নোৱাৰ কাৰণে আমাৰ শংকা নেকি? আমি মধ্যবিত্তীয়। তথাপিওতো কাৰোৰে ওচৰত ভিক্ষা নকৰাকৈ সুন্দৰভাৱে দুবেলা দুসাঁজ খাই জীয়াই আছো। সমাজৰ উচ্চ শিক্ষিত ভিক্ষাৰীতকৈ আমাৰ পথাৰৰ সংগ্ৰামবোৰ বহু ওপৰত। আমি টেলিভিছনৰ পৰ্দাত প্ৰায়ে দেখিবলৈ পাওঁ সমাজৰ একাংশ অভিজাত্য লোকে নিম্ন মধ্যবিত্তীয় লোকসকলক নিন্দা আৰু উপভোগৰ পাত্ৰ বনোৱা। কিয় এনে হ’য়? সমাজত তেওঁলোকৰ লগত সমান আসন নোপোৱাৰ আঁৰত আছে আমাৰ মধ্যবিত্তীয় জীৱনৰ সংগ্ৰামবোৰ। আমি গাঁৱৰ মানুহ কৃষিকৰ্মক কেন্দ্ৰ কৰিয়েই আমাৰ ভৱিষ্যত নিৰূপণ কৰিব লাগিব। আমি দেখি আহিছো পথাৰত পিতাইয়ে কৰা সংগ্ৰামবোৰ। পিতাইৰ ঘৰ্মাক্ত দেহৰ ফচল সোণবৰণীয়া ধাননিডৰা আমাৰ হেঁপাহ আৰু সপোন। মই কৈ থকা কথাবোৰৰ প্ৰাসংগিকতা বিচাৰি পাইছেনে? নিশ্চয় পাইছে নহয়! এই সংগ্ৰামবোৰ পিতাই আমাক লৈ জীয়াই থাকিবৰ বাবে কৰা সংগ্ৰাম। আমি পিতাইৰ সপোনবোৰক লৈ আমাৰ ভৱিষ্যতক আৰু অধিক সপোন দেখিব নোৱাৰোনে? আমি পথাৰ আৰু বজাৰ ৰক্ষা কৰি কৃষিকৰ্মক আমাৰ উপাৰ্জনৰ পথ হিচাপে লব নোৱাৰোনে? সমাজত উচ্চ অভিজাত্য লোকসকলৰ লগত সমানে আগুৱাবলৈ কৃষিবিপ্লৱ কৰি উপাৰ্জনৰ পথ মোকলাব নোৱাৰোনে? বৰ্তমান কৃষিবিপ্লৱৰ জড়িয়তে বহু লোক স্বাৱলম্বী হৈছে, তেওঁলোক আমাৰ আদৰ্শ হ’ব নোৱাৰেনে? আমি কেৱল ইন্টাৰনেটৰ দুনীয়াত সীমাবদ্ধ নাথাকি পথাৰলৈও ওলাই আহিব নোৱাৰোনে। আজিৰ নৱ-প্ৰজন্মই বুজিবনে পথাৰ আৰু বজাৰ ৰক্ষাৰ প্ৰাসংগিকতা। পথাৰ আৰু বজাৰ ৰক্ষা কৰিবলৈ আজিৰ নৱ-প্ৰজন্মই পণ লোৱা উচিত। টেলিভিছন, বাতৰিকাকতত আজিকালি প্ৰায়ে দেখিবলৈ পাইছো কোনোবাজন অসমীয়া স্বাবলম্বী হৈছে হাঁহ,কুকুৰা,গাহৰি পুঁহি,কোনোবাজন স্বাবলম্বী হৈছে মৎস্য উৎপাদন কৰি, কোনোবাজন কেঁচা শাক-পাচলি খেতিকে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে। এইসকলক আদৰ্শ হিচাপে লৈ ওলাই আহিবনে নিবনুৱা শিক্ষিত যুৱক সকল। বিজ্ঞানসন্মত ভাৱে আজিকালি ধেৰ কৃষিকাৰ্য কৰাৰ উদাহৰণ আছে। অসমৰ জলবায়ু আৰু ভৌগোলিক অৱস্থাও কৃষিকৰ্মৰ বাবে উপযোগী। আৰ্থিক দুৰ্বলাও আজিকালি কাৰণ হ’ব নোৱাৰে, বেংকে কৃষিলোণৰ ব্যৱস্থা কৰিছে সুন্দৰকৈ। কৰ্মবিমোখ অসমীয়া বুলি বাহিৰাগতই হঁহাতকৈ নি:সন্দেহে আমি পশুপালন বা কৃষিবিপ্লৱৰ জৰিয়তে আমাৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰি অসমীয়াৰ স্বাভিমান জীয়াই ৰাখিব পাৰো।