Breaking

চাহ বা কফি খোৱাৰ আগতে পানী খায় নেকি? জানি লওক ইয়াৰ সুবিধা-অসুবিধা বিষয়ে…

0 156

চাহ বা কফি খোৱাৰ আগতে পানী খায় নেকি? জানি লওক ইয়াৰ সুবিধা-অসুবিধা বিষয়ে। ৰাতিপুৱা চাহ খোৱাটো কেৱল এটা কাম নহয় বৰঞ্চ ই মানুহৰ লগত জড়িত অনুভৱ। চাহ ভাৰতীয় সংস্কৃতিৰ এক অংশ। সুখেই হওক বা দুখেই হওক, চাহ সদায় সকলোৰে প্ৰিয়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খালী পেটত বেছিকৈ চাহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে চাহ খোৱাৰ আগতে পানী খোৱা কিছুমান মানুহ আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি মানুহে চাহ বা কফি খোৱাৰ আগতে পানী খাব লাগে নে নালাগে-

চাহ আৰু কফি দুয়োটা পেটৰ বাবে বিপদজনক। চাহ-কফি দুয়োটাই এচিড উৎপন্ন কৰে। চাহৰ পি এইচ মান ৬ আনহাতে কফিৰ পি এইচ মান ৫। এনে পৰিস্থিতিত চাহ বা কফি খালে শৰীৰত বহুতো বিপজ্জনক ৰোগৰ আশংকা বাঢ়িব পাৰে। আনকি আলচাৰ, কেন্সাৰ আদি ৰোগৰ আশংকাও বৃদ্ধি পায়। কিন্তু যদি চাহ-কপি খোৱাৰ আগতে পানী খায় তেন্তে এই সমস্য়াৰ পৰা কিছু পৰিমাণে হ্ৰাস পাব। পানী খোৱাৰ ফলত অন্ত্ৰত এটা স্তৰ গঠন হয় যিয়ে চাহ-কফিৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।

খালী পেটত চাহ খোৱাটো অতি ক্ষতিকাৰক। ই পেটত এচিড উৎপন্ন কৰাৰ কাম কৰে। ইয়াৰ উপৰিও দাঁত নষ্ট কৰে। বহু পৰিমাণে ই দাঁতৰ ক্ষয়ো বৃদ্ধি কৰে।

চাহ খোৱাৰ ১০-১৫ মিনিট আগতে পানী খাব লাগে। যাতে শৰীৰত উৎপন্ন হোৱা অম্লীয় প্ৰভাৱ কমি যায়। চাহ খোৱাৰ লগে লগে কেতিয়াও পানী খাব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এয়া অতি ক্ষতিকাৰক। বৰং চাহ খোৱাৰ ১০-১৫ মিনিট আগতে পানী খোৱাই ভাল। ইয়াৰ ফলত চাহৰ শৰীৰত হোৱা অম্লীয় প্ৰভাৱ কমি যায়।


Leave A Reply

Your email address will not be published.