শীতকালত অত্যধিক পানী খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে, পানী কিমান আৰু কি ধৰণে খাব লাগে জানো আহক।
যিসকল লোকৰ হৃদযন্ত্ৰ আৰু পেটৰ লগত জড়িত গুৰুতৰ ৰোগ আছে তেওঁলোকে শীতকালত অধিক পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। গৰমৰ তুলনাত ঠাণ্ডাত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। শীতকালত অতিৰিক্ত পানী স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে। কৰ’ণা মহামাৰীৰ পিছৰে পৰা বিশ্বত হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। শীতকালত হৃদৰোগ থকা লোকৰ সমস্যা বাঢ়ি যায়। গ্ৰীষ্ম বা আন ঋতুৰ তুলনাত শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। ইয়াৰ মূল কাৰণ হ’ল ঠাণ্ডাত তেজ পাম্প কৰিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয়। শীতকালত শৰীৰৰ সিৰাবোৰ সংকুচিত হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত হৃদযন্ত্ৰই শৰীৰটো উষ্ণ কৰিবলৈ দ্ৰুতগতিত পাম্প কৰিব লগা হয়। যাৰ বাবে হৃদৰোগীৰ সমস্যা যথেষ্ট বৃদ্ধি পায়।
শীতকালত কিছুমান মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত ৩-৪ গিলাচ পানী খায়। হৃদৰোগীয়ে যদি এনেধৰণৰ কাম কৰে তেন্তে তেওঁলোকৰ বহুত ক্ষতি হ’ব পাৰে। পৰাপক্ষত হৃদৰোগীয়ে খালী পেটত পানী খাব নালাগে। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। কাৰণ ঠাণ্ডা পানীয়ে শিৰাবোৰ কঠিন কৰি তোলে। যাৰ বাবে হৃদযন্ত্ৰই শৰীৰলৈ তেজ যোগান ধৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। যদি আপুনি খালী পেটত পানী খাব বিচাৰে তেন্তে কুহুমীয়া পানী খাব পাৰে।