Breaking

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেহে হাঁহাকাৰ কৰিছে আমডাঙ্গাবাসীয়ে

0 537

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ  অৱস্থাৰ সৃষ্টি হৈছে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং সীমান্তৰ আমডাঙ্গা অঞ্চলবাসী ৰাইজৰ।দেশ স্বাধীন হোৱাৰ সুদীৰ্ঘ ৭৪ বছৰৰ পাছতো জিলা খনৰ বঢ়মপুৰ সমষ্টিৰ মিকিৰ-বামুনী গ্ৰান্টৰ আমডাঙ্গাৰ শ শ লোকে অঞ্চলটোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো ধৰণৰ বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা নথকা হেতুকে মাটিৰ গেলা কুঁৱাৰ দুষিত পানীকে সেৱন কৰি ৰুগীয়া হ’ব লগীয়া হৈছে।  নগাঁও-কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া এই পাহাৰীয়া অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবৰ বাবে বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বঢ়মপুৰ উন্নয়ন খণ্ডক অনুনয় বিনুনয় কৰিও আজি পৰ্যন্ত কোনো সুফল নাপালে। জনস্বাস্থ্য সুৰক্ষাৰ হেতুকে বিশুদ্ধ খোৱা পানী অতি প্ৰয়োজন যদিও বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত  মিকিৰ-বামুনী গ্ৰান্টৰ আমডাঙ্গাৰ ৰাইজে নিজৰ তৃষ্ণা নিবাৰণৰ বাবে খাব লগা হৈছে পৰিত্যক্ত কুৱাঁ,খাল-বিল আদিৰ দূষিত পানী ।যি পানী সেৱন কৰি থকাৰ বাবে অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ  অসুস্থ হৈ পৰিছে। বিশেষকৈ চালৰ ৰোগ, জণ্ডিছ আদি ৰোগে লগ নেৰা হৈছে এই দুৰ্ভগীয়া লোক সকলক।এই ক্ষেত্ৰত নতুন চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.