Breaking

বিলাসীপাৰাত শাক-পাঁচলিৰ দোকানত ড্ৰাগছ উদ্ধাৰ ! দোকানী পলাতক…

0 34

বিলাসীপাৰাত শাক-পাঁচলিৰ দোকানত ড্ৰাগছ উদ্ধাৰ। দোকানী পলাতক।

বিলাসীপাৰাৰ চুকে-কোণে অতি সংগোপনে ড্ৰাগছ বিক্ৰী চলি থকাৰ মাজতে আজি পুৱা ১০ বজাত ৭ নং ওৰ্ৱাডত অৱস্থিত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিআলি চকত এজন শাক-পাচঁলিৰ দোকানৰ পৰা  বহু কেইটা কন্টেনা ভৰ্তি ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

স্থানীয় বাসিন্দাসকলৰ মতে,বহুত দিনৰ পৰা তীক্ষ্ণ নজৰ দিয়াৰ পাছত  আজি হাতে-লোটে  দোকানী হামিদুল হক নামৰ যুৱকজনক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ধৰা পেলোৱা হয়।তাত উপস্থিত থকা ৰাইজে যুৱক জনক লপা-থপা দিয়াত দৌৰি পলাই যাবলৈ সক্ষম হয়।পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাঁচলিৰ দোকান খনত তালাচী চলোৱাত কণ্টেনাৰ অৰ্থাৎ সৰু সৰু প্লাষ্টিক বটলত ভৰাই ৰখা ড্ৰাগছ খিনি উদ্ধাৰ কৰাৰ লগতে হকৰ ঘৰত তালাচী চলায় ।

ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিসীমাৰ বাহিৰৰ দেৱালৰ কাষত পাঁচলিৰ দোকান বহুৱাই এই ধুৰন্ধৰ যুৱক জনে এই ক্ষতিকাৰক তথা ভয়ংকৰ ড্ৰাগছৰ ব্যৱসায় চলাই অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছে ।গতিকে বিদ্যালয়খনৰ আশেপাশে থকা এই অস্থায়ী দোকান বিলাক উচ্ছেদ কৰিবলৈ বিলাসীপাৰা আৰক্ষীৰ ওচৰত  ৰাইজে দাবী জনাইছে। 

——————————–

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদক

Leave A Reply

Your email address will not be published.