শিৱসাগৰত সুৰামত্ত স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি!গুৰুতৰ ভাৱে আহত মহিলাগৰাকী

শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱত অঘটন।স্বামীয়ে ৰেপীলে পত্নীৰ ডিঙি।আজি পুৱা সংঘটিত হ’ল এই ভয়াবহ ঘটনা।অমৃত গগৈ(৩৫) নামৰ মদাহী স্বামীয়ে দৈনিক ঘৰত কন্দলৰ সৃষ্টি কৰে।যাৰ বাবে তেওঁৰ পত্নী ৰিংকু গগৈয়ে(৩২) যোৱা ২৭ এপ্ৰিল তাৰিখে শিৱসাগৰ সদৰ থানাত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।অভিযোগৰ ভিত্তিত যোৱা ২৯ এপ্ৰিল তাৰিখে শিৱসাগৰ আৰক্ষীয়ে দুয়োকে থানালৈ মতাই নি অমৃতে ভৱিষ্যতে পত্নী সন্তানক অত্যাচাৰ নকৰিবলৈ সকীয়াই দি এখন লিখা লৈ লৈছিল।তাৰ পাছতে আজি পুৱা অমৃতে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা।আজি পুৱা মজিয়া চাফা কৰি থকা অৱস্থাত পিচফালৰ পৰা পত্নীক চোকা চুৰিৰে ডিঙিত ৰেপী হত্যাৰ চেষ্টা কৰে অত্যাচাৰী স্বামীয়ে।ডিঙিৰ আঘাট লৈ কথমপি ঘৰৰ পৰা পলাই প্ৰতিৱেশীৰ ঘৰত আশ্ৰয় লয় ৰিংকুৱে।ৰাইজে লগে লগে ৰিংকুৰ লগতে চাৰিটা সন্তানক সুৰক্ষা দি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুৰুত্তৰ ভাৱে আহত ৰিংকুক উদ্ধাৰ কৰাৰ লগতে অমৃতক কৰায়ত্ত কৰে।বৰ্তমান সংকটজনক অৱস্থাত থকা ৰিংকুক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Related Articles