Drunk Woman Drives Car: মাতাল যুৱতীয়ে চলাই যোৱা বাহনে ডিব্ৰুগড় চহৰত নিশা সৃষ্টি কৰিলে ত্ৰাসৰ; মহতিয়াই নিয়া তিনিজনৰ অৱস্থা সংকটজনক

ডিব্ৰুগড়,২৮ অক্টোবৰ: ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সুৰাপায়ী মহিলাই চলাই যোৱা এখন বাহনে তাণ্ডৱ চলাই চহৰখনত বহুকেইটা দুৰ্ঘটনা সংঘটিত কৰে । বাহনখনৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাৰ ফলত তিনিজন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটোত আহত আটাইকেইজন লোকৰে অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে(Drunk Woman Drives Car)।

স্থানীয় ৰাইজে বৰ্ণনা কৰা অনুসৰি, বাহনখনে একাধিক যান বাহন আৰু পথচাৰীক খুন্দিওৱাৰ পাছত এটা ছেদত গৈ খুন্দা মাৰে (Dibrugarh accident)। ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তিনিওজন লোকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি, AS 19E 4127 পঞ্জীয়ন নম্বৰৰ হুণ্ডাই i20 মডেলৰ বাহনখন চলাই অহা সুৰাসক্ত যুৱতীগৰাকীয়ে চহৰখনৰ পিএন ৰোড আৰু থানা চাৰিআলিত নির্মাণৰত ফ্লাইঅ’ভাৰৰ সমীপত একাধিক দুৰ্ঘনা সংঘটিত কৰে(Drunk Woman Drives Recklessly in Dibrugarh) । মাতাল যুৱতীগৰাকীয়ে চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ পাছতে ক্ষুদ্ধ একাংশ স্থানীয় মহিলাই ঘটনাস্থলীলৈ আৰক্ষী নহা পৰ্যন্ত বাহনৰ লগতে যুৱতীগৰাকীক আবদ্ধ কৰি ৰাখে । ইফালে স্থানীয় লোকসকলে যুৱতীগৰাকীৰ বাহনৰ ভিতৰত উদ্ধাৰ কৰে বহুকেইটা সুৰাৰ বটলো । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ গতে মাতাল যুৱতীগৰাকীক আটক কৰি থানালৈ লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰে।

স্থানীয় লোকসকলে এই দুৰ্ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চহৰখনত যাতে আৰু এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে আৰক্ষী তথা প্ৰশাসনক পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

Related Articles