Breaking

Dubai Princess Launches New Perfume Line Divorce: স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতেই ডুবাইৰ ৰাজকুমাৰীয়ে মুকলি কৰিলে PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE

25

ইনষ্টাগ্ৰামত স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই মুকলি কৰিলে নতুন পাৰফিউম লাইন Divorce। (Dubai Princess Launches New Perfume Line Divorce)চলিত বৰ্ষৰ জুলাই মাহত ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল শ্বেইখাই।

ইনষ্টাগ্ৰামত স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই মুকলি কৰিলে নতুন পাৰফিউম লাইন Divorce। (Dubai Princess Launches New Perfume Line Divorce)

চলিত বৰ্ষৰ জুলাই মাহত ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰা মহম্মদ ৰাছেদ আল মাকতুমে মুকলি কৰিছে এক নতুন লাইনৰ সুগন্ধি আৰু তেওঁ ইয়াৰ নাম দিছে “Dubai”।

ৰাজকুমাৰীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এই কথা ঘোষণা কৰে। ডুবাইৰ বজাৰত এই পাৰফিউমৰ মূল্য এতিয়াও জানিব পৰা হোৱা নাছিল।

ত্ৰিশ বছৰীয়া শ্বেইখা মাহৰা বিন্ত মহম্মদ বিন ৰছিদ আল মাকতুম সংযুক্ত আৰব আমিৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ কন্যা। তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় ১০ লাখ ফ’ল’ৱাৰ আছে।

চলিত বৰ্ষৰ ১৬ জুলাইত ডুবাইৰ ৰাজকুমাৰীয়ে ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছত ইণ্টাৰনেটত প্ৰায়ে চৰ্চাত থাকে। ইনষ্টাগ্ৰামত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰি তেওঁ লিখিছে-

“প্ৰিয় স্বামী, যিহেতু আপুনি আন সংগীৰ লগত ব্যস্ত, গতিকে মই ইয়াৰ দ্বাৰা আমাৰ বিবাহ বিচ্ছেদ ঘোষণা কৰিছো। মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ, মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ আৰু মই তোমাক বিবাহ বিচ্ছেদ দিছোঁ। যত্ন লওক। আপোনাৰ প্ৰাক্তন পত্নী।’

ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই “ডিভোৰ্চ” নামৰ নতুন পাৰফিউমৰ বেণ্ড, বিবাহ বিচ্ছেদৰ প্ৰায় দুমাহৰ পিছত ঘোষণা কৰিছে।

শ্বেইখা মাহৰাই যোৱা বছৰৰ মে’ মাহত আমীৰাটী ব্যৱসায়ী শ্বেইখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ছ’চিয়েল মিডিয়াত ট্ৰিপল তালাকৰ জৰিয়তে স্বামীক বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্তই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল, তেওঁলোকে একেলগে প্ৰথম সন্তানক আদৰণি জনোৱাৰ মাত্ৰ দুমাহৰ পাছতেই বিচ্ছেদ কৰিছিল।

Comments are closed.