Dubari Saikia: গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলি উঠিছে নগাঁও মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলি উঠিছে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিভাবান ছাত্ৰী দুবৰি শ‌ইকীয়া। (Dubari Saikia)

সুদুৰ নয়ডাৰ আমিটি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ পুৰণিগুদামৰ দুবৰি শইকীয়াই সংগীত শাখাৰ শাস্ত্ৰীয় স্বৰবাদ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থান অধিকাৰ কৰে।

ভাৰতবৰ্ষৰ প্ৰায় ১৪৭ খন বিশ্ববিদ্যালয়ৰ শ শ প্ৰতিযোগীৰ ভিতৰত সফলতা আজুৰি অনা দুবৰি শ‌ইকীয়াৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ পুৰণিগুদামবাসী উৎফুল্লিত হৈ পৰিছে।

Related Articles