১০ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এবিধ ৰোগ হৈছে ডায়েবেটিছ ৰোগ। ইয়াৰ বাবে পিতৃ-মাতৃৰ বহু অভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলী দায়ী, সমগ্ৰ বিশ্বতে শিশুৰ ডায়েবেটিছৰ ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো এয়া চিন্তনীয় বিষয় হৈ পৰিছে। আগতে এই ৰোগ কেৱল প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতহে হৈছিল, কিন্তু এতিয়া শিশুৰ ক্ষেত্ৰতো ই সাধাৰণ হৈ পৰিছে। শৰীৰৰ তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি হ’লে আন অংগবোৰতো প্ৰভাৱ পৰে। ইয়াৰ বাবে ডায়েবেটিছক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। কিন্তু আপুনি জানেনে যে শিশুৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ আঁৰৰ কাৰণ কেৱল জিনীয় নহয়, পিতৃ-মাতৃৰ ভুলো। আজি আমি আপোনালোকক এনে কিছুমান ভুলৰ বিষয়ে জনাম-
শিশুৰ ডায়েবেটিছৰ লক্ষণ-
অত্যধিক পিয়াহ
সঘনাই প্ৰস্ৰাৱ কৰা
অত্যধিক ভোক
ওজন কমি যোৱা
ভাগৰ
দৃষ্টি শক্তি অস্পষ্ট
লাহে লাহে ঘাঁ ভাল হোৱা
শিশুৰ ডায়েবেটিছৰ কাৰণ-
কৃত্ৰিম চেনি গ্ৰহণ কৰা
বেছিভাগ অভিভাৱকে নিজৰ সন্তানক কুকিজ, মিঠাই, পেষ্ট্ৰি আদি বস্তু খুৱাই। ইয়াৰ বাবে শিশুৰ ডায়েবেটিছ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আচলতে ইয়াত উপস্থিত কৃত্ৰিম চুগাৰৰ বাবেই এনেকুৱা হয়।
চহৰত বাস কৰা অভিভাৱকসকলে নিজৰ সন্তানক জাংক ফুড, অস্বাস্থ্যকৰ খাদ্য আৰু উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ পৰা বাধা নিদিয়ে। ইয়াৰ বাবে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।