Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ

প্ৰকল্প ৰূপান্তৰৰ অধীনত দুলীয়াজান টিপলিংস্তিত অইল চি এছ আৰ এক্টিভিটি কমপ্লেক্স “স্বনিৰ্ভৰ’ত বাৰ্ষিক সামগ্ৰী আৰু বিত্তীয় সাহাৰ্য্য বিতৰণ অনুষ্ঠানৰ পৰিসমাপ্তি হয়।(Duliajan News) স্থানীয় লোকৰ সবলীকৰণৰ বাবে অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰৰ বহনক্ষম জীৱিকাৰ পদক্ষেপৰ দ্বাৰা ৪২৮ টা যুটীয়া দায়বদ্ধ গোটক সহায্য প্ৰদান কৰি ১,৯২৫ টা পৰিয়ালক উপকৃত কৰিছে ।অইলৰ এই বটাঁ বিজয়ী ধ্বজাধাৰী প্ৰকল্পই ২০০৮ -০৯ চনৰ পৰা এতিয়ালৈকে ৪,৬৭৬ টা আত্ম সহায়ক গোট আৰু যুটীয়া দায়বদ্ধ গোটক দক্ষতা বিকাশ ,ব্যৱস্থাপনা প্ৰশিক্ষণ, বিত্তীয় সহায্য আৰু সামগ্ৰী প্ৰদানে প্ৰায় ২৮,৭৮৫ টা পৰিয়ালক লাভাম্বিত কৰিছে ।

এই প্ৰকল্পৰ অধীনত মহিলা হিতাধিকাৰিয়ে গঠিত ২২৭টা হস্ততাঁত দ্বায়বদ্ধ গোটে ১,১৩৫ টা ফ্লাই শ্বাটল হেণ্ডলুম ছে্ট ৭,৯৪৫ কেজি সূতা আৰু ২২ লাখ ৭০ হাজাৰ টকাৰ আৱৰ্তিত পুঁজি লাভ কৰিছে । আনহাতে ১৩৬ টা কৃষিপাম যান্ত্ৰিকীকৰণ যুটীয়া দ্বায়বদ্ধ গোটক ১৩৬ টা পানী পাম্প ,স্প্ৰেয়াৰ মেচিন আৰু মুঠ ১ কুটি ৪২ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ইয়াৰ উপৰিও ১৫ টা এগ্ৰ’ প্ৰডাক্ট কেৰিয়াৰ গোটক ১৫ খন বাহন আৰু১৫ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ২০ টা বায়’ফ্লক একুৱাকালচাৰ গোটক ৪০ টাকৈ মীন পালন টেংক আৰু পয়োজনী সজুঁলি প্ৰদান কৰে । আনহাতে ১০ টা পাৱাৰ ৰীপাৰ ( হাৰ্ভেষ্টাৰ )গোটক ১০ টা শস্য চপোৱা যন্ত্ৰ লগতে ৮ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰাৰ লগতে ২০ টাকৈ বয়ন গোটৰ স্বীকৃতি স্বৰূপে হস্ততাঁত গোটক বল বিয়াৰিং জেকুৱাৰ্ড মেচিন প্ৰদান কৰি বয়ন শিল্পৰ উৎপাদন আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰাৰ পৰিলক্ষিত হয় ।

এই অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱলাকে প্ৰমুখ্য কৰি দুলীয়াজান সহ জিলা আয়ুক্ত আই এ এছ অংকুৰ দাস , অইলৰ মূখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকন ,কাৰ্যাবাহী সঞ্চালক ব্যৱসায়িক উন্নয়ন তথা জন সম্পৰ্ক কৰ্পৰেট বিভাগৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন গোস্বামী , কাৰ্যবাহী সঞ্চালক মানৱ সম্পদ আৰু ক্ষেত্ৰীয় প্ৰশাসন মাধুৰ্য বৰুৱাৰ , জন পৰিক্ৰমা বিভাগৰ মূখ্য মহা প্ৰৱন্ধক দেৱাষিক বড়া আৰু জেষ্ঠ বিষয়াসকল লগতে প্ৰকল্পৰ হিতাধিকাৰী সকলো উপস্থিত থাকে ।

Related Articles