Breaking

ডুমডুমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

0 2,196

ডুমডুমা মহাবিদ্যালয়, অসম বিজ্ঞান সমিতিৰ ৰূপাই শাখা আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানপ্ৰেমী ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই চিভিৰমণৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো আৰম্ভ কৰে । তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা ড০ ৰিঞ্জুমণি শৰ্মাই । তাৰ পিছতে আৰম্ভ হোৱা আলোচনা সভাখনত ড০ শৰ্মাই এই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে অসম বিজ্ঞান সমিতি ৰূপাই শাখাৰ কিছু বিৱৰণ দাঙি ধৰে।

‘বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞানৰ কৰণীয়’ বিষয়ত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হক-এ দৃশ্যশ্ৰাৱ্য মাধ্যমৰ সহায়ত বক্তৃতা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ উপকৃত কৰে । সভাখনত মহাবিদ্যালয়খনৰ গৱৰ্নিং বডিৰ সভাপতি ৰমেশ গোস্বামী আৰু অসম বিজ্ঞান সমিতিৰ ডুমডুমা শাখাৰ সম্পাদক তথা সাংবাদিক পেঞ্চনাৰ ধীৰেন ডেকাই দিৱসটো সম্পৰ্কত চমু বক্তব্য আগবঢ়ায় । মহাবিদ্যালয়খনৰ কৃতী ছাত্ৰ মহৰ্ষি কলিতাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত শ্ৰেষ্ঠ নিৰ্বাচিত প্ৰতিযোগীসকলক এই সভাতে মানপত্ৰ আৰু পুৰস্কাৰ দিয়া হয় । ঠাইতে এখন বিজ্ঞানৰ আৰ্হিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয় । উল্লেখ্য যে দিৱস উপলক্ষে যোৱা ২৫ ফেব্ৰুৱাৰীত বিজ্ঞানৰ আৰ্হিৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু উদ্বোধন কৰিছিল তিনিচুকীয়া জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক দিগন্ত ভাজনীয়ে । এই অনুষ্ঠানটোৰ আঁত ধৰে দুই সহযোগী অধ্যাপক মনোজ দত্ত আৰু ৰাতুল গগৈয়ে ।

Leave A Reply

Your email address will not be published.