ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীৰ শুভাৰম্ভ

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ডুমডুমা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ডুমডুমা হাইস্কুল বিদ্যাপীঠ খন শেহতীয়াকৈ চৰকাৰী ভাৱে উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত কালি আনুষ্ঠানিক ভাৱে শ্ৰেণী আৰম্ভ কৰা হয়৷সেই উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷বিদ্যালয়  পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰণৱ হালৈৰ  উপস্থিতিত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখাত অধ্যক্ষা সোনমনি দেৱীয়ে কয় যে,সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অঞ্চলটোৰ ঐতিহ্যমণ্ডিত ডুমডুমা হাইস্কুল বিদ্যাপীঠ খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত অঞ্চলটোৰ শৈক্ষিক দিশৰ ডাঙৰ সমস্যা এটা সমাধান হ’ল৷ইয়াৰ বাবে তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷সভাত শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰাই বক্তব্য ৰাখে৷ উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা এই বিদ্যালয় খনে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷ সভাখনত উপস্থিত থকা বৰছলা  সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুয়েও ভাষন ৰাখে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ,বৰ্তমানৰ চৰকাৰ খনে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিয়াত গুৰুত্ব দিছে৷ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি তেওঁ আৰু কয়,ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ অভ্যাস ৰাখিব লাগে৷মাহত এখনকৈ হ’লেও অন্যান্য বিষয়ৰ কিতাপ পঢ়িব লাগে৷কিতাপ পঢ়া এটা আনন্দৰ বিষয় হিচাপে গ্ৰহণ কৰিব লাগে৷কিতাপ পঢ়িলে নেতৃত্বৰ গুণ আয়ত্ত কৰিব পাৰি৷শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে সমাজৰ কোনো দিশৰ বিকাশ সম্ভৱ নহয় বুলি মন্তব্য কৰি তেওঁ আৰু কয়,আদৰ্শ সমাজ গঠনৰ বাবে নতুন প্ৰজন্মই এতিয়াৰ পৰাই কাম কৰিব  লাগিব ৷তেজপুৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক তৰুণ চন্দ্ৰ নাথে সভাত অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁৰ বক্তব্য প্ৰসংগত কয়,অতি পুৰণি এই  বিদ্যালয় খন দোপতদোপে আগবাঢ়ি গৈছে৷শেহতীয়াকৈ অসম চৰকাৰৰ আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত ৰাইজ উপকৃত হ’ব বুলি তেওঁ কয়৷বৰ্তমানেও ৰাজ্য খনৰ বহু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি থকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ প্ৰাদেশীকৰণৰ পৰা এতিয়াও বাদ পৰি যোৱা ভেঞ্চাৰ বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷বৰছলা সমষ্টিত প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ থকা গড়মাৰা উচ্চ ইংৰাজী বিদ্যালয় আৰু অৰিয়াণ্টলি উচ্চ ইংৰাজী বিদ্যালয় দুখনকে ধৰি সকলো ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা ল’বলৈ তেওঁ সভাত উপস্থিত থকা শাসকীয় দলৰ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুক আহ্বান জনায়৷সভাৰ মাজতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা এগৰাকী ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ টোপোলা প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰাই৷বাণী নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়,শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয় আৰু অৰিয়াণ্টলি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যথাক্ৰমে দেৱৰাজ উপাধ্যায়,গোলোক বৰা আৰু বিশ্বজিত পালকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত বিধায়ক গণেশ কুমাৰ লিম্বুৱে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা এটি শুভ উদ্বোধন কৰে৷

Related Articles