পৰিত্যক্ত অৱস্থাত দুমুনিচকী চৰকাৰী বাছ আস্থান

পশ্চিম দৰঙৰ সীমান্তৰ কামৰূপ (গ্ৰাম্য) পূবৰ বৰনদীৰ পাৰত থকা দুমুনিচকীৰ ঐতিহ্য বহনকাৰী চৰকাৰী বাছ আস্থানটো বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ বাবে সুদীৰ্ঘ দিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকাত দূৰণিবটীয়া যাত্ৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। জানিব পৰা মতে, উত্তৰ কামৰূপৰ ৰঙিয়া আৰু বাইহাটা চাৰিআলিৰ পিছতে পুৰণিকলীয়া চৰকাৰী বাছ আস্থান হিচাপে চিহ্নিত  দুমুনিচকী বাছ আস্থান।যিটো বাছ আস্থানৰ পৰা বৃহত্তৰ পূৱ কামৰূপৰ বাথান,শৰাইঘাট,আল্টা,মালাৰা,মালিবাৰী,শালমাৰাৰ লগতে দৰং জিলাৰ পশ্চিমাঞ্চলৰ মাৰুৱাচকী,বাঁহগড়া,সোনাপুৰ,লাউজান আদি গাঁৱৰ মানুহে উল্লিখিত বাছ আস্থানৰ পৰা টিকট কাটি গুৱাহাটী, তেজপুৰ, মঙলদৈ, বৰপেটা আদি ঠাইলৈ দৈনিক যাতায়ত কৰিছিল। কিন্তু আশ্বৰ্যজনক ভাবে আজি অতীত হৈ পৰিল যেন আগৰ সেই পৰিৱেশ। সম্প্ৰতি হাবি জংঘলৰ মাজত জকাসদৃশ গৃহ কেইটা থিয় আছে।এটা সময়ত ৰাতিপুৱা হ’লেই আস্থানটোত মানুহৰ সমাগম ঘটা পৰিৱেশ আজি যেন নষ্টালজিক। উল্লেখ্য যে , ১৯৮৯ চনতে উপেন নাথক নামৰ টিকট মাষ্টাৰ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত আস্থানটো ৰখীয়াহীন হৈ পৰে।কাৰ্যতঃ গুৰুত্বহীন হৈ পৰে।অগাপিচাকৈ আস্থানটোৰ অন্য কৰ্মচাৰী সকলো অৱসৰ গ্ৰহণ কৰাত চৰকাৰী বাছ আস্থানটো খালী হৈ পৰে আৰু বিভাগে আস্থানটোলৈ অন্য ঠাইৰ পৰা বদলি কৰি কৰ্মচাৰী নিয়োগ নকৰিত মৰিশালী হৈ পৰে আস্থানটো।যাৰ পিছত হাবি-বন জংঘলে আগুৰি পেলাই অৰণ্যভূমিত পৰিণত কৰে।জানিব পৰা মতে,১৯৯৪-৯৫ চনত দুমুনিচকী বাছ আস্থানটো মঙ্গলদৈ আস্থান অধীক্ষকে নিজৰ হাতলৈ নিয়াত ঐতিহ্য বহনকাৰী আস্থানটো জীয়াই তোলাৰ সকলো আশা শেষ হৈ পৰে। আশ্বৰ্যজনক কথা যে, বাছ আস্থানৰ নামত থকা ৫ বিঘা ভূমি বছদখল হোৱাৰ আশংক্ষা প্ৰকাশ কৰিছে সচেতন লোক সকলে।কিয়নো পৰিত্যক্ত বাছ আস্থানটোৰ চাৰিও দিশে পকীবেৰ নোহোৱাত বেদখল কৰাৰ বাবে সুবিধা জনক হৈ থকা বুলি ৰাইজৰ মুখে প্ৰকাশ।সচেতন মহলে বিভাগক বাছ আস্থানটোৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ বাবে দাবী জনাইছে

Related Articles