দৈনন্দিন বাৰ্তা বিশেষ লিখা: Durga Maa। ʼ মা দুৰ্গাৰ কথা ʼ জানো আহামা দুৰ্গা এশ আঠটা নামে বিভূষিতা । যেনে : সতী , সাধ্বী , ভবপ্ৰীতা , ভবাণী , ভবমোচনী , অৰ্য্য , জয়া , দুৰ্গা , আদ্যা , ত্ৰিনেতা , শূলধাৰিণী , পিনাকধাৰিণী , চিত্ৰা , চন্দ্ৰ ঘণ্টা , মহাতপা , মন: , বুদ্ধি , অহংকৰা , চিত্তৰূপা , চিতা , চিতি , সৰ্বমন্ত্ৰময়ী , নিত্যা , অনন্তা , সত্যানন্দস্বৰূপিনী , ভাবিনী , ভাব্যা , অভব্যা , ভব্যা , সদাগতি , শম্ভৱী , দেৱমাতা , চিন্তা , ৰত্নপ্ৰিয়া , সৰ্ববিদ্যা , দক্ষযজ্ঞ বিনাশিনী , দক্ষ কন্যা , অৰ্পণা , অনেকবৰ্ণা , পাটলা , পট্টম্বৰ পৰিধানা , পাটলাৱতী , সুন্দৰী , সুৰ সুন্দৰী , নৱ দুৰ্গা , মাতংগী , ব্ৰাহ্মী , মাহেশ্বৰী , ঐন্দ্ৰী , কৌমাড়ী , বৈষ্ণৱী , চামুণ্ডা , বাৰাহী , লক্ষ্মী , পুৰুষকৃতি , বিমলা , জগৎ জননী , উৎকৰ্ষিনী , জ্ঞানা , ক্ৰিয়া , সত্যা , বুদ্ধিদা , বহুলা , বহুলাপ্ৰেমা , মহিষাসুৰমৰ্দিনী , মধুকৈটভহন্ত্ৰী , চণ্ডমুণ্ড বিনাশিনী , সৰ্বাসুৰবিনাশা , সৰ্বদানবঘতিনী , সৰ্বশাস্ত্ৰময়ী , ভৈৰৱী , সৰ্বস্ত্ৰধাৰিণী , অনেকশস্ত্ৰহস্তা , কন্যা , কৈশেৰী , কুমাৰী , বিপদতাৰিণী , যুৱতী , যাতি , অপ্ৰৌড়া , প্ৰৌড়া , বৃদ্ধমাতা , বলপ্ৰদা , মহোদৰী , মুক্তকেশী , ঘোৰৰূপা , মহাবলা , অগ্নিজ্বালা , ৰৌদ্ৰমুখী , কালৰাত্ৰি , বিষ্ণুমায়া , জলোদৰী , শিৱদূতি , কৰালী , পৰমেশ্বৰী , কাত্যায়নী , সাবিত্ৰী , প্ৰত্যক্ষ , ব্ৰহ্মবদিনী , চিন্ময়ী , সিংহবাহিনী , অভয়া , পাৰ্বতী , উমা , জগদ্ধাত্ৰী , বাসন্তী , অন্নপূৰ্ণা , অম্বিকা । দুৰ্গা মাক সন্তুষ্ট কৰাৰ কেইবাটাও শক্তিশালী মন্ত্ৰ আছে , তাৰে ভিতৰত কেইটামান হৈছে , ‘ দুৰ্গা প্ৰণামমন্ত্ৰ ‘ – সৰ্বমংগলমংগল্যে
শিবে সৰ্বাথসাধিকে ।
শৰণ্যে ত্ৰম্বকে
নাৰায়ণী নমোহস্তুতে।।
ʼ দুৰ্গা বীজ মন্ত্ৰ ʼ –
ওম হৃীং দুং দুৰ্গায়ৈ নমঃ
‘ সৌভাগ্য, যশ, সুখ আৰু সুস্থ তথা নিৰোগী হৈ থকাৰ দুৰ্গা মন্ত্ৰ ‘ – দেহি সৌভাগ্য মাৰোগ্যং
দেহি দেৱী পৰং সুখম
ৰূপং দেহি জয়ং দেহি
যশো দেহি দ্বিষো জহি ।
ʼ বিপদ বিঘিনি নাশৰ দুৰ্গা মন্ত্ৰ ʼ – শৰণাগত দীনাৰ্ত
পৰিত্ৰাণ – পৰায়ণে
সৰ্বস্যাৰ্তিহৰে দেৱী
নাৰায়ণী নমোহস্তুতে ।
ʼ শত্ৰু নাশৰ দুৰ্গা মন্ত্ৰ ʼ –
সৰ্ব বাধা প্ৰশমনং
ত্ৰৈলোক্যস্যাখিলেশ্বৰী ।
এবমেব ত্বয়া কাৰ্যমন্মদ
বৈৰী বিনাশনম ।
পৌৰাণিক পুৰাণ অনুসৰি, মা দুৰ্গাই কালীৰূপে চণ্ড মুণ্ড অসুৰক বিনাশ কৰি , ৰক্তৰে তৃষ্ণা নিবাৰণ নোহোৱা কাৰণে দানৱসকলৰ তেজ খাবলৈ গোটেই জগত ভ্ৰমি ফুৰিছিল । দেৱী মাৰ ৰণচণ্ডী ৰূপ শান্ত কৰিবলৈ দেৱাদিদেৱ মহাদেৱে দেৱী মাৰ আগত শুই দিছিল ; নেদেখাকে স্বামীৰ শৰীৰত ভৰি দি দেৱী মাৰ আপোনাআপুনি জিভা ওলাই আহি শান্ত হৈছিল । পৌৰাণিক পুৰাণ অনুসৰি , ১৬বছৰ বয়সত মাৰ্কণ্ডেয়ই মৃত্যুৰ পৰা হাত সাৰিবলৈ এক চিতে ভক্তিভাৱে শিৱলিংগত পূজা কৰিছিল। ভক্তিত সন্তুষ্ট হৈ শিৱবাবাই মাৰ্কণ্ডেয়ক যম(কাল)ৰ পৰা ৰক্ষা কৰিছিল , শিৱবাবাৰ লগতে মা পাৰ্বতীৰ প্ৰতি নিষ্ঠা ভকতি দেখি মা পাৰ্বতীয়ে মাৰ্কণ্ডেয়ক অপাৰ আশীৰ্বাদেৰে উপচাই পেলাইছিল । মা পাৰ্বতীয়ে পুত্ৰ গণেশ আৰু কাৰ্তিকৰ সমানে মৰম দি সৰ্বদা হৃদয়ত স্থান দিব বুলি কথা দিছিল । লগতে মা পাৰ্বতীৰ তথা মহাদেৱৰো বিশেষ কৃপাৰ অধিকাৰী হ’ব বুলি কৈছিল । তেতিয়া মাৰ্কণ্ডয়ে ভক্তিত গদগদ হৈ মা দুৰ্গাৰ কায়া , মায়া আৰু শক্তিস্বৰূপৰ কথা লৈ এখন গ্ৰন্থলিখাৰ অনুমতি বিচাৰিলে, তেতিয়া মা পাৰ্বতী আৰু শিৱবাবাই ক’লে যে, এই গ্ৰন্থখন গোটেই জগতত মাৰ্কণ্ডেয় পুৰাণ হিচাপে পৰিচিত হ’ব আৰু এইখন যিয়ে একচিতে শ্ৰৱণ কীৰ্তন কৰে, তেওঁ সকলো বিপদ বিঘিনীৰ পৰা মুক্তি পাই বাবা ভোলানাথ আৰু মা দুৰ্গাৰ বিশেষ কৃপা লাভ কৰিব । শাস্ত্ৰ পুৰাণ আদি অনুসৰি শিৱববাই চিতা ভস্মৰ পৰা ভস্মাসুৰ নামে অসুৰ এটিক সৃস্টি কৰিছিল । পৰৱৰ্তী সময়ত ভস্মাসুৰে কৈলাশত মা পাৰ্বতীক দেখি নিজৰ প্ৰিয়তমা ৰূপে পাবলৈ ব্যাকুল হৈ পৰে , সেয়ে ভস্মাসুৰে শিৱ বাবাৰ শিৰত হাত থৈ ভস্ম কৰিবলৈ খেদি গৈছিল,,মা পাৰ্বতীয়ে এনে শিৱলীলা দেখিবলৈ আচৰিত হৈছিল,, দেৱীয়ে নিজৰ স্বৰূপধাৰণ কৰি ভস্মাসুৰক বধ কৰিবলৈ উদ্যত হৈছিল। কিন্তু ভগৱান শিৱই নিজে দিয়া বৰদানৰ মৰ্য্যদা ম্লান হʼব, ভগৱানৰ ওপৰত ভক্তৰ বিশ্বাস নাইকীয়া হʼব বুলি প্ৰবোধ দিছিল। তেতিয়া মা পাৰ্বতী শান্ত হৈছিল। পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৱে এগৰাকী সুন্দৰী নাৰীৰ বেশ ধৰি ছলেৰে ভস্মাসুৰক বধ কৰিছিল।
লেখকঃ মৃণালী শইকীয়া (Mrinali Saikia)