৭ অক্টোবৰ,গুৱাহাটীঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ’ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা(Durga Puja 2024)। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ’ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।
দুৰ্গোৎসৱ বা দুৰ্গাপূজাৰ লগত সংগতি ৰাখি পালন কৰা হয় মহালয়া(Mahalaya)। মহালয়াৰ দিনা দেৱী কৈলাশৰ পৰা ধৰালৈ প্ৰবেশ কৰে বুলি বিশ্বাস আছে। শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত লৌকিক নিয়ম চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক আৱাহন জনোৱা হয়। ভক্তৰ কাতৰ আবাহনত কৈলাশৰ পৰা দশপ্ৰহৰণধাৰিণী দেৱী দুৰ্গা সন্তান সহিতে (লক্ষ্মী, সৰস্বতী , গণেশ কাৰ্তিক প্ৰভৃতি ) ধৰালৈ আগমন ঘটে।শংখ,ঘণ্টা, দবাৰ ধ্বনিৰে দেৱীৰ স্তুতি,দেৱী বন্দনাৰে মুখৰ হৈ পৰে আকাশ বতাহ। পবিত্ৰ হৈ পৰে সমস্ত বায়ুমণ্ডল। দেৱীপক্ষৰ পূৰ্ববৰ্তী অমাবস্যাক মহালয়া বোলা হয়। মহালয়াৰ পিছদিনাৰ পৰা মহা নৱমীলৈ ন টা দিন পালন কৰা হয়। এইবাবে ইয়াক নৱৰাত্ৰি(Navaratri) নামেৰেও নামাকৰণ কৰা হয়।
অৱশ্যে দুৰ্গোৎসৱ দুভাগে অনুষ্ঠিত হয় । চ’ত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। এই পূজা বসন্ত কালত পালন কৰা বাবে ইয়াক বসন্ত উৎসৱ বা বাসন্তী দুৰ্গাপূজা বুলি কোৱা হয় । আনহাতে আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা(Sharadiya Durga Puja) বুলি কোৱা হয়। আহিনৰ শুক্লপক্ষৰ ষষ্ঠ দিনৰ পৰা অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গাপূজা পালন কৰা হয়। ভাৰতবৰ্ষত শক্তি (দেৱী) আৰাধনাৰ সু-প্ৰাচীন পৰম্পৰা বিদ্যমান। ঘাইকৈ পশ্চিমবংগ,অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্যসমূহত অতি ধুম-ধামেৰে প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰি অহা হৈছে(Celebrations of Durga Puja)।
আহোম যুগত বাসন্তী দুৰ্গাপূজাৰ প্ৰচলন আছিল । বাসন্ত কালত পূজিতা দুৰ্গাক ভিন্ন নামেৰে জনা গৈছিল । যেনে -কামাখ্যা, কেচাইখাতী, তাম্ৰেশ্বৰী, দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী , সিদ্ধেশ্বৰী, টুক্ৰেশ্বৰী, জয়ন্তশ্বৰী, বুঞ্জীগোসাঁনী আদি উল্লেখযোগ্য।
দেৱী দুৰ্গাৰ উৎপত্তি সম্পৰ্কতো বিভিন্ন পৌৰাণিক, পুৰাতাত্বিক,ঐতিহাসিক সমল পোৱা যায় ।ভাৰতীয় সংস্কৃতিত দুৰ্গা গোসাঁনীয়ে প্ৰাক ঐতিহাসিক কালৰ পৰাই বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে ।পুৰাতাত্বিক সমল অনুসৰি দেৱীৰ বিভিন্ন ৰূপৰ মূৰ্তি চতুৰ্থ শতিকাৰ পৰা ভাৰতবৰ্ষৰ নানা অঞ্চলত পোৱা গৈছে। প্ৰাক ঐতিহাসিক যুগৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে আনুষ্ঠানিক ভাৱে পোন প্ৰথমে কামাখ্যা দেৱীৰ পূজা অৰ্চনা আৰম্ভ কৰিছিল । এই কামাখ্যা দেৱী কাল, পাত্ৰ,ক্ষেত্ৰ আৰু প্ৰয়োজনীয়তা অনুসৰি দুৰ্গা, চামুণ্ডা, চণ্ডী, যুগমায়া, মহামায়া,পাৰ্বতী, মহিষাসুৰমৰ্দিনী(Mahisasuramardini), মহাকালী, জগতমাতা,মা জগদম্বা , শৈলপুত্ৰী, উমা, ব্ৰহ্মচাৰিনী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি,মহাগৌৰী, সিদ্ধিদাত্ৰী ইত্যাদি শত- সহস্ৰ নামে যুগে যুগে পূজিত হৈ আহিছে। দেৱী দুৰ্গা মুলত শক্তিৰ পূজাৰূপে খ্যাত। এই কাৰণে শক্তিৰূপিনী নামেৰেও জনা যায় । শাস্ত্ৰমতে, ‘দুৰ্গা ‘ শব্দৰ অৰ্থ এনেধৰণে পোৱা যায়। ‘দ ‘ মানে দৈত্যনাশক, ‘ উ’ মানে বিঘ্ননাশক, ‘গ’ মানে পাপ নাশক আৰু ‘আ ‘ মানে ভয় বা শত্ৰু নাশক ৰূপে বুজায় । অৰ্থাৎ দৈত্য ,বিঘ্ন,ৰোগ, পাপ আৰু ভয় শত্ৰুৰ বিনাশ কৰি জগতৰ মঙ্গল সাধন কৰা।
চণ্ডী পুৰাণৰ মতে পুৰণি কালত দেৱতা সকলে মহিষাসুৰক বধিবৰ বাবে নিজ নিজ শক্তিৰে দুৰ্গা দেৱীক নিৰ্মাণ কৰিছিল। দেৱতা সকলে নিজৰ নিজৰ ভূষণ ,অস্ত্ৰ শস্ত্ৰৰেও সু – সজ্জিত কৰি তুলিছিল । এই দেৱীয়ে দশভূজা ৰূপে মহিষাসুৰক বধ কৰে । ৰামায়ণৰ মতে শ্ৰী ৰামচন্দ্ৰই লংকা বিজয় কৰাৰ আগমূহূৰ্তত শৰৎ কালত মা দুৰ্গাদেৱীৰ আৰাধনা কৰিছিল। তেতিয়াৰ পৰাই এই পূজাক শাৰদীয় পূজা হিচাপে পালন কৰি আহিছে। মহিষাসুৰক বধ কৰাৰ কাৰণে দেৱীৰ অন্য এক নাম মহিষমৰ্দিনী।পুৰুষ শক্তি আৰু মাতৃ শক্তি উভয় শক্তিৰ প্ৰতীক দেৱী দুৰ্গা । আমাৰ শাৰদীয় দুৰ্গাপূজাত দেৱীৰ এই মহিষমৰ্দিনী ৰূপত উপাসনা কৰা হয়। আনহাতে কাত্যায়ন ঋষিৰ আশ্ৰমত জন্ম গ্ৰহণ কৰা কাৰণে দেৱীৰ অন্য নাম কাত্যায়নী।আহিন মাহৰ কৃষ্ণা চতুৰ্দশীৰ তিথিত জন্ম গ্ৰহণ কৰি শুক্ল পক্ষৰ সপ্তমী, অষ্টমী, নৱমী তিথিত ঋষি কাত্যায়নৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা দেৱীয়ে মহিষাসুৰক বধ কৰে।
দুৰ্গা মানে প্ৰকৃতি,প্ৰকৃতি মানে মাতৃ শক্তি এই কথা সকলোৰে বোধগম্য, প্ৰকৃতিয়ে ইচ্ছা কৰিলে ধ্বংস যিদৰে কৰিব পাৰে, সৃষ্টিও কৰিব পাৰে। কোৱা হয় দেৱী হাতী, ঘোঁৰা , নাওঁ অথবা দোলাৰে ধৰালৈ আহে আৰু যাওঁতেও তেনেকৈয়ে যায় দেৱী কিহত আহিব আৰু কিহত যাব তাৰ ওপৰতো দেশ আৰু জনগণৰ মংগল -অমংগল নিৰ্ভৰ কৰে বুলি প্ৰবাদ আছে। ষষ্ঠি অৰ্থাৎ বেলবৰণৰ দিনা দেৱীক প্ৰতিষ্ঠা কৰি পূজা আৰম্ভ কৰা হয়। সপ্তমী,অষ্টমী, নৱমী পূজাত বিভিন্ন নৈবেদ্যৰ উপৰিও পাৰ,হাঁহ, ছাগলী,মহ আদি বলীৰে দেৱীক সন্তুষ্ট কৰা হয় ।
দুৰ্গা প্ৰতিমাৰ লগত তেওঁৰ সন্তানৰ লগতে দেৱীৰ পিছফালে সৰুকৈ শিৱমূৰ্তি দেখা যায় । ধৰালৈ আহি দেৱীয়ে কি কি পূজা গ্ৰহণ কৰিছে সেইয়া শিৱই বোলে মনে মনে চাই আছিল । হিন্দু ৰীতি অথবা প্ৰচলিত বিশ্বাস অনুসৰি দুৰ্গামূৰ্তি নিৰ্মাণ কৰিবলৈ গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ,গো মুত্ৰৰ উপৰিও বেশ্যালয়ৰ এমুঠি মাটি পালেহে মৃন্ময়ী সকলে দুৰ্গা মূৰ্তি সজাৰ কাম কৰিব পাৰে।জানিব পৰা মতে যি সকল পুৰুষে বেশ্যালয়লৈ যায় তেওঁলোকে তেওঁলোকৰ সকলো পুণ্য তাতে এৰি আহে আৰু সমস্ত পাপ নিজলৈ কঢ়িয়াই আনে, সেয়ে বেশ্যালয়ৰ মাটি সকলোতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় ।
ঋতুৰ পৰিৱৰ্তন,মাহ বাগৰি আকৌ আহিল আহিন মাহ । শৰতৰ স্নিগ্ধ জোনাক দূবৰি বনত নিয়ৰৰ মুকুতা, শেৱালিৰ সু-কোমল সুভাস তাৰ মাজতে ধৰিত্ৰীলৈ আগমন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ। সাম্প্ৰতিক সময়ত দুৰ্গা পূজা জাক- জমকতাৰে ভৰি পৰিছে। তাতে আকৌ দুৰ্গা মণ্ডপৰ প্ৰতিযোগিতা। এইবিলাকত কোটি কোটি টকা ব্যয় কৰা দেখা যায় । পূজাত স্ফুৰ্তি কৰাৰ নামত মদ ভাং আদি নিচা জাতীয় দ্ৰৱ্য সেৱন কৰি দ্ৰুত গতিত গাড়ী বাইক আদি চলাই দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় । দুৰ্গা পূজাৰ দিন কেইটাত সমাজৰ অপায় -অমংগল বিনাশৰ বাবে আমি সকলোৱে বাহ্যিক আড়ম্বৰতাত গুৰুত্ব নিদি আধ্যাত্মিক ভাবেৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰাত হে গুৰুত্ব দিব লাগে । পূজাৰ নামত উচছৃংখলতাই বহুতৰে প্ৰাণ অকালতে কাঢ়ি লৈ গৈছে। জগতজননী মা দুৰ্গা আমাৰ মাজত শক্তিৰূপেৰে, শান্তিৰূপেৰে, মাতৃৰূপেৰে প্ৰতিষ্ঠিত দেৱীৰ পূজা ভক্ত সকলে উলহ -মালহে পালন কৰক কিন্তু উচছৃংখলতা নহওক তাৰে কামনা ।
লেখিকাঃ ইভা গন্ধীয়া ফুকন (Eva Gandhia Phukan )
লগতে পঢ়ক Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য