গুৱাহাটী, ১১ অক্টোবৰ : Durga Puja । ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা উৎসৱৰ ভিতৰত দুৰ্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বোলে। শাৰদীয় উৎসৱ। প্ৰকৃতিক ভালপোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে।বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু ৰ্নিমল। বাৰিষাৰ বোকা পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি পদুম ভেটগছ আদিয়ে। বৰ্ষাত মৰহি যোৱা দূবৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। নিয়ৰৰ টোপাল পৰি শুভ্ৰ পোহৰত মুকুতা জিলিকাদি জিলিকে। পৃথিৱীৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি।
দেৱী দুৰ্গা প্ৰাণদায়িনী অন্নদায়িনী। তেওঁ মাতৃত্বেৰে মাতৃস্বৰূপা মহিমাৰে দেৱী স্বৰূপা। তেওঁক এক অনন্ত সম্ভাৱনাৰে অনন্ত শক্তিৰে যৌৱনময়ী নাৰী মূৰ্তিৰূপে বৈদিক যুগৰপৰাই ধ্যান ধাৰণা কৰি অহা হৈছে। শাৰদীয় দুৰ্গাপূজা শক্তিৰ উপাসনা মাথোন। তেওঁ প্ৰাণদায়িনী আৰু সংহাৰকাৰিণী তথা বক্ষাকাৰিণী। এই দুই শক্তিৰ তেওঁ মূল উৎস। শৰৎ শস্যেৰে ভৰা ঋতু। শস্য আমাৰ প্ৰাণ। দেৱীয়ে শস্য ৰক্ষা কৰি আমাক জীয়াই থকাৰ সম্বল যোগায়। সেই দেখি তেওঁ আমাৰ প্ৰাণদায়িনী। ব্যাধি ত্ৰাস সংকট আৰু আসুৰিক শক্তি তেওঁ সংহাৰ কৰে।
তেওঁৰ সোঁফালে থাকে ধন সম্পদৰ গৰাকী লক্ষ্মী। তেওঁ আমাৰ ভাগ্যলক্ষ্মী। বাঁওফালে থাকে শুভ্ৰবসন পৰিধানকাৰিণী বাগদেৱী বীণাপাণি। সকলো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। সৰ্বসিদ্ধি দাতা গণেশ আৰু দেৱতা সকলৰ সেনাপতি বলৰূপী কাৰ্তিক দেৱী দুৰ্গাৰ ক্ৰমে সোঁফালে আৰু বাঁওফালে থাকে। দুৰ্গাদেৱী সিংহৰ ওপৰত এখন ভৰি দি থাকে আৰু আনখন মহিষাসুৰক দমন কৰি সেই অসুৰৰ বুকুত ত্ৰিশূল বহুৱাই জগতৰ যেন সকলো আসুৰিক ভাবক সংহাৰ কৰিছে। তেঁও বহু ভুজা তেওঁ অস্ত্ৰধাৰিণী তেওঁ মহিষমৰ্দিনী।
শুক্লা ষষ্ঠীৰ দিনাৰ পৰাই দেৱীৰ পূজা অৰ্চনা আৰম্ভ হয়। সেই দিনাই প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়। দেৱীৰ বোধন কাৰ্য সমাধা কৰি পূজাৰীয়ে আৱাহন অধিৱাস আদি কৰে। সপ্তমী অষ্টমী আৰু নৱমী তিথিত পূজা ধূম ধামেৰে চলে। পূজাৰীয়ে পূজাৰ বিবিধ কাৰ্যত ব্যস্ত হৈ পৰে। মানুহৰ মনবোৰ আনন্দৰে সীমা নাথাকে। নতুন কাপোৰ পিন্ধি মানুহে ভক্তিভাৱে দেৱী দৰ্শন কৰে দেৱীক প্ৰণতি জনায়।পূজাৰ বেদীত পুৰোহিতে দেৱীৰ সন্তুষ্টিৰ অৰ্থে বিহিত মন্ত্ৰ উচ্চাৰণ কৰে। শংখ ঘণ্টা ডবা কাহঁ উৰুলি আদি মঙ্গল ধ্বনিয়ে পূজাস্থলীত এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে। পূজাৰ বেদীত দেৱীৰ প্ৰতি আগবঢ়োৱা ফুল তুলসী বেলপাত কৰ্পূৰ তামোল মাহ প্ৰসাদ ধূপ ধূনা আৰু বিবিধ ফল সম্ভাৰে মানুহৰ মনলৈ এক পৱিত্ৰতা আনে।
দশমীৰ দিনা বিজয়াৰ দিন। সেই দিনাখন দেৱী বিৰ্সজন দিয়ে। আনন্দৰ অন্ত পৰে। উৎসৱৰ সামৰণি পৰে। দেৱীৰ প্ৰতি মানুহে অন্তৰৰ শেষ নিবেদন জনাই শেষ প্ৰণতি যাচে।
দুৰ্গাপূজা আজিকালি এক সাৰ্বজনীন উৎসৱত পৰিণত হৈছে। সকলো ভাৰতীয় মানুহে ইয়াত সমানে ভাগ লৈ আনন্দ কৰে। পৰস্পৰে পৰস্পৰক ভাতৃভাৱৰে সাৱটি লয়। ভাৰতৰ ভিন্ন জাতিৰ মাজত থকা হিংসা কপটতা দ্বেষ প্ৰভৃতি কু আৱৰ্জনাবোৰ নাইকিয়া হৈ যায়। আমি উপলব্ধি কৰোঁ আমি যেন এক ভাৰতীয়।