Durga Puja Festival : পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

তেজপুৰ,৭অক্টোবৰঃ (Durga Puja Festival) নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান তথা বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে এইখন পূজাৰ মণ্ডপ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলেও এই ভাষাত পঢ়াশুনা কৰাৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উপস্হাপন কৰি তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে এইবাৰ (library)৷ উল্লেখযোগ্য যে,তেজপুৰত অনুষ্ঠিত হোৱা ডেৰশতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্হলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠ বাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্হলীৰ সন্মান৷যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুণৰ ৰাইজে এইখন পূজা পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তাৰে আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷

উল্লেখযোগ্য যে,অঞ্চলটোৰ সকলো লোকেই বছৰি জমাকৰা ধনৰে আৰু শ্ৰমদানৰে এইখন পূজাৰ আয়োজন কৰি আহিছে বিগত ২৪বছৰে৷কেতিয়াবা যদি মাটিৰ কলহ,আন কেতিয়াবা আকৌ পাচি,ডলা, চালনি কিম্বা তেলৰ টিন,ছাতি নতুবা চাইকেলৰ ৰিং আদিৰে দৃষ্টি নন্দন মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ বাবে এক বিশেষ পূজাস্হলী হিচাপে তেজপুৰত পৰিচিত হৈ পৰা দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাখনৰ মণ্ডপ নিৰ্মাণৰ গুড়ি ধৰি আহিছে কলা নিৰ্দেশক তাপস দাসে ৷

এইবাৰো দাসে ৰাইজৰ আহ্বান মৰ্মে এই মণ্ডপক এখন গ্ৰন্হৰ পৃথিৱীলৈ পৰ্যবসিত কৰিছে৷এটা গ্ৰন্হাগাৰৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে দাসে৷উল্লেখযোগ্য যে,কীৰ্তন নামঘোষাৰ পৰা আহোমৰ বুৰঞ্জী,মৰমৰ দেউতা,মহাদুষ্টৰ দুষ্ট বুদ্ধি,দেওলাংখুই,মাকাম,অসীমত যাৰ হেৰাল সীমা,ইয়াৰুইঙ্গম,কিতাপ পঢ়াৰ আনন্দ,ৰামায়ণ,মহাভাৰত,বিঞ্চু ৰাভাৰ ৰছনাৱলীকে ধৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰা প্ৰায় আঢ়ৈ হেজাৰ গ্ৰন্থৰ আৰ্হিৰে সজোৱা হৈছে এই বিশেষ মণ্ডপটো৷ বিশেষ মণ্ডপটোৰ কলা নিৰ্দেশক তাপস দাসে কয় যে,এইখন পূজাৰ বাজেট এইবাৰ আঠলাখ টকা ধাৰ্য কৰা হৈছিল যদিও ইমান টকা সংগ্ৰহ হোৱা নাই ৷

ৰাইজৰ সিদ্ধান্ত অনুসৰিয়েই এইবাৰ অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থত অসমীয়া গ্ৰন্থ অধ্যয়ন কৰাটো যে আৱশ্যক সেই বাৰ্তা নতুন প্ৰজন্মক দিবলৈ বিচৰা হৈছে৷এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা হ্ৰাস পাইছে,সকলো ব্যস্ত থাকে মোবাইল ফোনত৷দাসে লগতে কয় “ নতুন প্ৰজন্মই গ্ৰন্হাগাৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক৷অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত নতুন প্ৰজন্মই অসমীয়া সাহিত্যৰ মহামূল্যবান গ্ৰন্থ সমূহৰ স’তে গ্ৰন্হাগাৰলৈ গৈ পৰিচয় হওঁক৷জ্ঞানৰ অন্বেষণেই প্ৰকৃতাৰ্থত এক পূজা৷” উল্লেখযোগ্য যে,ৰাজ্যৰ বৰেণ্য সাহিত্যিক সকলৰ গ্ৰন্থৰ নিখুঁট আৰ্হিৰে কেৱল মণ্ডপেই নহয়,মূল পথৰ পৰা পূজা মণ্ডপলৈকে প্ৰায় দুশ মিটাৰ পথো সজোৱা হ’ব গ্ৰন্থৰেই৷ অহা বুধবাৰৰ ভিতৰত এই মণ্ডপ সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে কলা নিৰ্দেশক তাপস দাসে ৷

Related Articles