Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক”বেলশৰ ৰত্ন” প্ৰদান

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিমনলবাৰী, ১০অক্টোবৰ: Durga Puja , Belsor। পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা দুই বেলশৰীয়া সন্তান কনক সেন ডেকা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা: নৰেন্দ্ৰ বৰ্মনক বেলশৰ ৰত্ন প্ৰদান কৰা হয়। বেলশৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ডা: বৰ্মন যদিও সম্প্ৰীতি গুৱাহাটীৰ বাসিন্দা হলেও বেলশৰৰ বুকুত প্ৰতিটো সময়তে নিৱিৰ ভাৱে নিজক অৰ্পন কৰিছে ।

বেলশৰৰ সু-সন্তান ডা: নৰেন্দ্ৰ নাথ বৰ্মনে বেলশৰত ১৯৪০চনৰ এক মাৰ্চত জন্ম গ্ৰহণ কৰিছিল। স্কুলৰ শিক্ষা বেলশৰত আৰম্ভ কৰি ১৯৬২চনত এম বি বি এছ ডিগ্ৰী লাভ কৰে ।১৯৬৭ চনত পাঞ্জাৱৰ Post graduate lnstitute of MedicalEdn, and Research Chandiganh ৰ পৰা সুক্ষ্যাতিৰে এম ডি পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ জি এম চি এইচত নিযুক্তি লাভ কৰে ।১৯৭০ চনত জি এম চি এইচৰ সহকাৰী অধ্যাপক আৰু১৯৯৭ চনত অধ্যক্ষৰ দৰে দায়িত্বশীল পদত অধিষ্ঠিত হয় ।এগৰাকী সু চিকিৎসক হিচাপে নলবাৰী জিলাখনৰ সুনাম কঢ়িয়াই অনাই নহয় বেলশৰীয়া হিচাপে গৌৰৱৰ অধিকাৰী হয় ।

১৯৩৩ চনৰ ১৬জুলাইত বেলশৰ ত জন্ম গ্ৰহণ কৰা কনকসেন ডেকাই বেলশৰতে প্ৰাথমিক আৰু হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজীৱন দেশৰ নামত নিজক অৰ্পন কৰা গৌৰিসেন ডেকা আৰু তাৰাসেন ডেকাৰ বৰপুত্ৰ কনকসেন ডেকাই নলবাৰী মহাবিদ্যালয়ৰ ইণ্টাৰমিডিয়েট পঢ়ি উৰ্ত্তীণ হয় ।ইয়াৰ পিছতেই গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।উক্ত অনুষ্ঠানৰ আৰম্ভণিতেই স্মৃতিগ্ৰন্থ “দশভূজা” উন্মোচন কৰে কবি সাহিত্যক তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলাই। উন্মোচন কৰি তেওঁ ভাষণ প্ৰসংগত কয় – সমাজ জীৱনৰ লগত আধ্যাত্মিক দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আছে ।

সেইদৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীদুৰ্গাৰ শক্তিৰ অপৰিসীম ধৈৰ্য্য ,বিশ্বাস, আস্হাৰ মাজত অন্তৰ্নিহিত পৰম্পৰাৰ যি ধৰ্মীয় আৱেগ সেয়া বিল্বেশ্বৰ দেৱালয়ত পৰিস্ফুত ভাৱে প্ৰত্যক্ষ হয় ।শক্তিপীঠখনত শক্তিৰ মহাত্মাৰ অপৰিসীম সোত আজিও বৈ আছে ।অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক অৰূপ ৰঞ্জন বৰ্মনে।

ইপিনে আজি সন্ধিয়া বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত হেজাৰ হেজাৰ ভক্ত-দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয় । বিল্বেশ্বৰ দেৱালয়ৰ নৈসৰ্গিক পৰিৱেশত ভক্ত-দৰ্শনাৰ্থীয়ে নিজকে বিলিন কৰি দিয়াৰ লগতে প্ৰথম বাৰ্ষিক গ্ৰন্থমেলাত গ্ৰন্থ প্ৰেমীৰ উপস্থিতি আশাব্যঞ্জক। প্ৰতিগৰাকী গ্ৰন্থপ্ৰেমীৰ হাতে হাতে গ্ৰন্হৰ টোপোলা থকাটোয়ে গ্ৰন্থমেলাত ইতিবাচক দিশ উন্মোচন কৰে । উল্লেখযোগ্য যে আজিৰ দিনটোত বেলশৰ গ্ৰন্থমেলাত আশাব্যঞ্জক ভাবে গ্ৰন্থ বিক্ৰী হয় বুলি জানিব পৰা গৈছে।।সেয়াও এক বিশেষ সফলতা।
প্ৰেৰক, দিগন্তবৰ্মন।

Related Articles