Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল

গুৱাহাটী, ৯ অক্টোবৰ:( Durga Puja)এইবাৰ পূজাৰ বন্ধত প্ৰাঞ্জলহঁতৰ পৰিয়ালটো বাংগালুৰুলৈ ফুৰিবলৈ যাব। ৰক্তিমহতে আকৌ ইতিমধ্যে চিকিম, দাৰ্জিলিং যাবলৈ ৰেলৰ টিকেট বহুদিনৰ আগেয়ে কাটি থৈছে। চুবুৰীয়া দীপকহতৰ অৰুণাচল যোৱাৰ মন। মোক লৰা ছোৱালী কেইতাই কৰবালৈ লৈ যাবলৈ কুতুৰি কামুৰি আছে। সিহঁতৰ বহুদিনৰে পৰা এৰোপ্লেনত উঠাৰ মন। মাজে মাজে মোক কয়, তুমি হলে গৈ থাকা। আমাক নিনিয়া। মই কওঁ, ভালকৈ পঢ়া শুনা কৰা, ডাঙৰ হলে তোমালোকে নিজেই যাব পাৰিবা। কেতিয়াবা এদিন বাৰু মই প্লেনত উঠাই আনিম। মনে মনে মইও ভাবি নথকা নহয়। কিন্তু ভাবিলে হব কিটো, ইটোৰ পিছত সিটো লেথা নুগোছেই দেখোন। পূজাৰ আগে আগে পৰিবাৰেও কথাটো উলিয়াইছিল। পূজাত পাৰিলে দিল্লীখনকে দেখুৱাই অনাৰ কথাটো। প্লেনতো উঠোৱা হব আৰু দিল্লীখনো দেখুওৱা হব। পিছে নহলগৈ। এৰাব নোৱাৰা সমস্যা এটাই দেখা দিলে। তাতে মোৰো আকৌ জকাই চুকীয়া মন।

পূজাৰ বন্ধত বাহিৰলৈ নাযাও, পাৰিলে গোলাঘাটৰ ঘৰলৈকে আৰু গোলাঘাটৰ পৰা বাহিৰে বাহিৰে মাজুলী, ঢকুৱাখানা আদি ঠাইবোৰ ঘূৰি আহো। পূজা চোৱাও হব, ঘৰলৈ যোৱাও হব আৰু নতুন ঠাই চাই মিটিৰ ফুৰাও হব। ইফালে স্থানীয় পূজা কমিটিখনেও এইবাৰ এটা দায়িত্ব দি থৈছে। পৰিচালকৰ দায়িত্ব। পূজাখনত অলপ লাগি ভাগি দিয়াৰ বাবে। অন্যহাতে মোৰো এটা মন আছে। দুৰ্গা পূজাৰ সময়ত কোনো এখন পূজা কমিটিত প্ৰসাদ, খিছিৰি বিতৰণ আদি কাম সমূহত অলপমান বা পাৰিলে দেহেকেহে লাগি ভাগি দি অতিথি সেৱা কৰাৰ বা ধৰ্মীয় এই পৰম্পৰাৰ মাজেৰে নিজকে উৎসৰ্গিত কৰাৰ। বছৰি প্ৰত্যেকবাৰ পূজাত এই ভাৱ আহে আৰু পৰবৰ্তী পূজাত লাগি দিয়াৰ মানস কৰো যদিও বছৰ সলনি হোৱাৰ দৰে এই কামত আত্মনিয়োগ কৰাৰ যি ইচ্ছা বা হাবিয়াস সেয়া বছৰি পিছুৱাই গৈ আছে। কেতিয়াবা প্ৰশ্ন হয় যে বছৰি মানুহৰ চিন্তা ধাৰা সলনি হোৱাৰ লগে লগে কালৰ সোঁতত মোৰ এই ইচ্ছাও এদিন সলনি হৈ মনৰ হাবিয়াস বোৰ এনেদৰেই মৰহি যাব নেকি।


যোৱা ২৬ টা বছৰ মহানগৰীত বাস কৰি আছো। আৰম্ভণিতে সাংবাদিকতাৰ সময়ছোৱাত পূজা বুলিলে যি দুই তিনিদিন বন্ধ পাইছিলো, গোলাঘাটৰ ঘৰলৈ গৈ আকৌ ঘূৰি আহিবৰে হৈছিল। সেয়েহে পূজা বুলি ঘূৰি ফুৰাৰ পৰিবৰ্তে বিশেষকৈ ঘৰতেই সময়বোৰ কটাইছিলো। পিছলৈ পূজা বুলি নিজেই কাপোৰ কানি লোৱাৰ লগতে পূজা বুলি পৰিয়ালৰ অন্যান্য সদস্যলৈ কাপোৰ লোৱা আৰু কিনাৰ আগ্ৰহ আৰু গুৰুত্ব বাঢ়িছিল। পূজাৰ আগৰ কেইদিন সাধাৰণতে ফাঁচী বজাৰলৈ যোৱাটো এটা নিয়মত পৰিণত হৈছিল। সেইসময়ত ফাঁচী বজাৰত কাপোৰ কানি কিনাৰ বাবে বহু লোকৰ সমাগম ঘটিছিল। মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছিল। বিশেষকৈ বিহু, পূজাৰ সময়ত ফাঁচিবজাৰত বজাৰ কৰাৰ এক সুকীয়া মজা আৰু মাদকতা আছিল।সেই সময়ত গোলাঘাটৰ পৰা আহি গুৱাহাটীত থকা বহু চিনাকি লোক বা অন্যান্য খণ্ডৰ বন্ধু বৰ্গক পূজাৰ বজাৰত লগ পাইছিলো।

সেয়েহে তেতিয়াৰ ফাঁচী বজাৰ কেৱল বজাৰ কৰাৰ বাহিৰেও মিলনৰ এক সংযোগ স্থান ৰূপে পৰিগণিত হৈছিল। কিন্তু আজিৰ তাৰিখত নগৰ মহানগৰত অলিয়ে গলিয়ে শ্বপিং মল বোৰ গঢ় লৈ উঠাত ফাঁচী বজাৰত সেই ভিৰ নোহোৱাৰ লগতে সেই মাদকতা নোহোৱা হৈ পৰিল। সম্প্ৰতি যোৱা ১৬ টা বছৰে বিবাহিত জীৱন পাৰ কৰাৰ লগতে মহানগৰীত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ পৰা পূজাৰ আনন্দ, অনুভবত কেতবোৰ নতুন দিশৰ সংযোগ ঘটিল। এতিয়া পূজাৰ আনন্দ কাপোৰ কানিতে সীমাবদ্ধ নাথাকি লৰা ছোৱালীৰ আন দাবীবোৰ পূৰণ কৰাৰ লগতে সম্প্ৰতি পূজাৰ বন্ধত কত ফুৰিবলৈ যাম, সেয়া এক অন্যতম প্ৰধান আলোচ্য বিষয় হৈ পৰিল। সম্প্ৰতি নগৰ মহানগৰৰ বাসিন্দা সকলৰ মাজত পূজাৰ বন্ধত ফুৰিবলৈ যোৱাতো এক নতুন ধাৰা বা ফেশ্বন ৰূপে পৰিগণিত হৈছে। সৰু থাকোঁতে মা দেউতা হতৰ হাতত ধৰি পূজা চাবলৈ যোৱা, পিছলৈ অষ্টমী, নৱমীৰ দিনা দেৱী মাৰ আগত শৰাই দিয়া প্ৰথাবোৰ আজিৰ তাৰিখত ক্ৰমাগত ভাৱে হ্ৰাস পোৱা যেন অনুভৱ হয়। অবশ্যে বিশেষ অসুবিধা নাথাকিলে ব্যক্তিগত ভাৱে আমি এই পৰম্পৰা অব্যাহত ৰখাৰ চেষ্টা কৰি আহিছোঁ। দেৱী মাৰ আশীৰ্বাদ আৰু দেৱী মাৰ ওপৰত মনুষ্য জাতিৰ অগাধ ভাৱ ভক্তিক জাগ্ৰত কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে ধৰালৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ ভঁৰাল বৃদ্ধি কৰিবলৈ দেৱী মাৰ পৰা শক্তি সঞ্চাৰ কৰাৰ বাবেই দেৱী মাক প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে। বিগত কেইবছৰ মান পূজাৰ সময়ত চিকিম, গেংটক, দাৰ্জিংলিং, কলকাতা আদি ঠাই ফুৰি অহাৰ অভিজ্ঞতা বৰ সুখকৰ নহল। পৰা। পক্ষত পূজাৰ সময়ত অতি ব্যস্ত পৰ্য্যটন স্থান সমূহত নুযোৱাই ভাল। আজিকালি পূজাৰ সময়ত পৰ্য্যটন স্থান সমূহত ইমান বেছি ভিৰ হয় যে মানুহে ভ্ৰমনৰ সেই আনন্দ আদায় কৰিব নোৱাৰে। সেয়েহে আজিকালি মাজে মাজে ভাবো পূজা চোৱাৰ আনন্দ আচলতে সৰুতেই আছিল। এইবোৰ ভাবি পুৰণা দিনবোৰলৈ উভতি গলো। হাইস্কুলীয়া দিনৰ কথা। আৰম্ভণিতে ঘৰত চাইকেল এখনেই আছিল। আমাৰ গাঁৱৰ ঘৰৰ পৰা ওচৰত পূজা অনুষ্ঠিত হোৱা স্থানলৈ দূৰত্ব প্ৰায় তিনি কিলোমিটাৰ মান আছিল।

মা দেউতাই পূজাত বিশেষকৈ অষ্টমীৰ দিনা দেৱীলৈ আগবঢ়োৱা শৰাই ( ঠগি) খন আনিবলৈ খোজকাঢ়িয়েই পুজাস্থলিলৈ গৈছিল। কিন্তু আমাৰ বিশেষকৈ মোৰ আৰু দাদাৰ বাবে সেই কেইদিন চাইকেলখনৰ বিশেষ গুৰুত্ব আছিল। কিয়নো পূজাৰ কেইদিনত অন্ততঃ দুবাৰ পুজালৈ যাব লাগিছিলেই। এবাৰ শৰাইৰ দ্ৰব্যভাগ আগতীয়াকৈ দি পুজাস্থলিত নিজৰ নামটো লিখাই থবলৈ আৰু দ্বিতীয়বাৰ মা প্ৰসাদ সহ শৰাইখন ঘুৰাই আনিবলৈ নতুবা পূজা চাবলৈ। দাদা আৰু মোৰ মাজৰ বয়সৰ পাৰ্থক্য দুবছৰ মানৰ আছিল। আমাৰ ঘৰত থকা দাদালৈ বুলি অনা ২২ ইঞ্চিৰ সেই হিৰো চাইকেলখন পূজাৰ কেইদিন দাদা আৰু মোৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল। চাইকেলখন পালে একো নালাগিছিল। মনে মনে কিমান বাৰ যে ঘৰত নোকোৱাকৈ চাইকেলখন লৈ সমনিয়াৰ ঘৰলৈ গৈ ঘূৰি আহি দাদা আৰু মা দেউতাৰ গালি খোৱাৰ উপৰি কেতিয়াবা দুই এচাত পিতন খাইছিলো, সেয়া ভাবিলে এতিয়া লৰালি বা শৈশৱৰ সেই স্মৃতিবোৰে আমনি কৰাৰ লগতে আকৌ এবাৰ সেই দিনবোৰলৈ উভতি যাবৰ মন যায় । পূজাৰ কেইদিনত দাদাই মোক চাইকেলখন দি তয়েই শৰাইখন দি থৈ আহগৈ বুলি খাটনি ধৰিলে প্ৰথমতে মই তই নাযাঅ নেকি বুলি না কৰাৰ চলেৰে গহীন ভাৱ এটা দেখুৱাইছিলো যদিও পেটে পেটেযে কিমান ভাল পাইছিলো সেই কথা দাদা আৰু মা দেউতাইয়ো জানিছিল।

পূজাৰ শৰাইখন পূজাৰীৰ হাতত দি নাম লেখাই চিধাই ৰেল ষ্টেচনত থকা পকী বেঞ্চত বঢ়ি অথবা ৰেলৰ আলিৰ কাষলৈ গৈ সময় পাৰ কৰিছিলো বা ৰেল অহা যোৱা কৰা চাই সময় পাৰ কৰিছিলো। গাঁৱৰ লৰা হিচাপে সেই সময়ত ৰেল আলিৰ কাষত থাকি আজিৰ দিনত ৱাশ্বিংটন, নিউয়ৰ্কত থকাৰ নিচিনা অনুভৱ হৈছিল। ৰেল আলিৰ কাষত থাকি পোৱা গোন্ধবোৰে আমনি কৰা নাছিল, বৰঞ্চ সেই গোন্ধ সেই সময়ত ভাল বেয়া বিচাৰ কৰিব নোৱাৰা বাবেই চাগৈ ভাল লাগিছিল আৰু আজিও সেই গোন্ধটোৰ উমান ললে মনলৈ ভাল লগা অনুভৱ এটাহে জাগ্ৰত হোৱা যেন লাগে। সেইসময়ৰ ৰেল ষ্টেচনৰ যি অনুভৱ সেয়া আজিৰ দিনত কোনো ৰেল ষ্টেচনৰ সান্বিধ্যলৈ আহি পোৱা অনুভবৰ সৈতে ৰিজাব নোৱাৰি। ৰেলআলিৰ আশে পাশে থকা বগা বগা শিলৰ পাথৰবোৰ ৰদত জিলিকি উঠা চিকমিকণিৰ মাজেৰে লাহে লাহে পাৰ হৈ যোৱা ৰেলখন চাই আৰু ষ্টেশ্যনৰ চানা আলাৰ চানা চুৰ অথবা কাষৰ ঘুমটিটোৰ পৰা লজেন গুটি খোৱাৰ যি আনন্দ, সেয়া আজিৰ তাৰিখত সেই স্থানলৈ হাজাৰ সমনিয়া লৈ গলেও কেতিয়াও জাগ্ৰত নহয়। সেয়া আছিল গোলাঘাট কমাৰবন্ধাৰ ৰেল ষ্টেচনৰ কাষতে জয়হিন্দ ক্লাবে আয়োজন কৰা পূজাখনৰ কথা। সেই সময়ত আমাৰ বামুন গাঁৱৰ পৰা পূজা চাবলৈ হলে হয়তু কমাৰবন্ধাৰ সেই ভাগ পূজা, নহলে গোলাঘাট টাউনৰ পূজালৈ যাব লগীয়া হৈছিল। আমাৰ ঘৰৰ পৰা টাউনলৈ দূৰত্ব আছিল প্ৰায় ৭ কিলোমিটাৰ। আমি সাধাৰণতে দুয়ো ঠাইলৈ পূজা চাবলৈ গৈছিলো। টাউনলৈ যাবলৈ হলে সাধাৰণতে বাছত গৈছিলো আৰু কমাৰবন্ধাৰ পূজা চাবলৈ হলে চাইকেলেৰে। সেই সময়ত মোতকৈ প্ৰায় দুবছৰ সৰু ভাইটিক চাইকেলৰ পিছ কেৰিয়াৰ অথবা আগফালে উঠোৱাই অন্ততঃ এবাৰ পূজা দেখুৱাই আনিব লাগিছিল। কেতিয়াবা দাদাই, কেতিয়াবা মই নিছিলো। তেতিয়াহে নিজেই সমনীয়াৰ সৈতে পূজা চাবলৈ যোৱাৰ বাট মুকলি হৈছিল। সেইসময়ত মোবাইল, টেলিফোন আদি একো নাছিল যদিও লগ সমনিয়া কেইটা গাঁৱৰ লাইব্ৰেৰীৰ কাষৰ জিৰণি চৰাটোত বহি ইটোৱে সিটোৰ বাবে ৰৈ আছিল আৰু যেতিয়াই ইটো সিটো লগ হৈছিলো তেতিয়া গোটেই কেইটাৰ মাজত চাইকেল হিচাপ কৰি পূজা চাবলৈ যোৱাৰ লগতে সেই ঠাইৰ পৰা বহু দূৰ আঁতৰি আন লগ সমনিয়াৰ ঘৰলৈ গৈছিলো আৰু সমনিয়াৰ ঘৰত ভাত পানী খাই ঘূৰি অহা বাটেৰে কিমান যে কথা, কিমান যে ফুৰ্তি কৰি আহিছিলো সেইবোৰ ভাবিলে এতিয়া আমি সেই সময়ত সৰুতেই বৰ ডাঙৰ আছিলো যেন অনুভৱ হয়।
সেইসময়ত পূজাত লবলগীয়া বস্তু কি আছিল বুলি কলে সম্ভবত ভিন্ন ৰঙী বেলুন, পিষ্টল, ভাল লগা কিবা কিবি ঘৰৱা সামগ্ৰী আদিয়েই আছিল। ইয়াৰ লগে লগে গজা, বৰফি, জেলেপি, কচৰি, চিঙৰা আদি খাবলৈ দেউতাৰ পৰা ১০-২০ টকা পালে যি আনন্দ লাভ কৰিছিলো সেই আনন্দৰ ভাগ আজি কোনো টকাৰ পৰিমাণেৰে ৰিজাব পৰা নাযায়। পূজাৰ আগে পিছে দেউতাৰ মুখত প্ৰায়েই বোনাচ বুলি শব্দ এটা শুনিছিলো আৰু যি বছৰ দেউতাই বোনাচ পাব বুলি শুনিছিলো, সেই বছৰ মাৰ মুখত ঘৰখনৰ চাৰিওটা লৰা ছোৱালীৰ বাবে কি কি কাপোৰ লব লাগিব, তাৰ তালিকা এখন মায়ে আগতীয়াকৈ প্ৰস্তুত কৰি দেউতাক দিছিল। লগতে ঘৰলৈ নতুন বস্তু এপদ আনিব পাৰি নেকি সেই কথাও আলোচনা হৈছিল। কোনোবা এবছৰ পূজাৰ বনাচৰ সৈতে আমাৰ ঘৰলৈ নতুন চাইকেল এখন আনিছিল আৰু তেতিয়াৰে পৰা সেইখন মোৰ ম্যাদি পত্তা মাটিৰ দৰে সংৰক্ষিত হৈ পৰিছিল।পূজাৰ সময়ত পিছলৈ এবাৰ তেনে বোনাচৰ টকাৰ লগত আৰু কিছু টকা সংযোগ কৰি ঘৰলৈ কলা বগা ছবিৰ টেলিভিছন এটা আনিছিল আৰু সেইদিনা আমাৰ মন আনন্দৰে নধৰা হৈছিল। পূজাৰ সময়ত ওচৰৰ পূজাখনৰ বাহিৰেও গোলাঘাট নগৰৰ পূজাখনলৈ এদিন হলেও গৈছিলো।

মোৰ অবশ্যে গাঁৱৰ সমান্তৰাল ভাবে গোলাঘাট নগৰ খনতো লগ বন্ধু বহুত আছিল। ইয়াৰ কাৰণ প্ৰধানত দুটা আছিল। এটা হল দেউতাৰ কৰ্মসূত্ৰে আমাৰ পৰিয়ালটো গুৱাহাটী মহানগৰীত থকা বাবে মোৰ আৰু দাদাৰ জন্ম গুৱাহাটীত হৈছিল আৰু প্ৰাথমিক শিক্ষাৰ প্ৰথম দুবছৰ গুৱাহাটীৰ ২ নং মঠঘৰিয়া বিদ্যালয়ত সমাপ্ত কৰাৰ পিছত কৰ্মসূত্ৰে দেউতাই নিজ ঠাই গোলাঘাটলৈ বদলি হৈ অহাত মই তৃতীয় আৰু চতুৰ্থ শ্ৰেণী গোলাঘাট নগৰৰ বিদ্যালয় এখনত পঢ়িছিলোঁ। তদুপৰি গাঁৱলৈ আহি ঘৰ বনোৱাৰ পূৰ্বে দেউতাই জিলা পুথিভঁৰালৰ আৱাস গৃহত দুবছৰ মান আমাক ৰাখিছিল। এই দুই কাৰণতে গোলাঘাট নগৰখন মোৰ বাবে সৰুতেই চিনাকি আছিল আৰু সেইদৰে বন্ধু বান্ধবো আছিল। পিছলৈ কেইবাজনো বন্ধুৰ ঘৰ মোৰ ভাত ঘৰৰ দৰে হৈ পৰিছিল। আৰু সেয়েহে পূজাৰ সময়ছোৱাত গাঁও আৰু নগৰীয়া – এই দুই বিধ পূজাৰ আনন্দ আৰু অভিজ্ঞতা সমানেই হৈছিল। নগৰৰ পূজা চাবলৈ গলে লগৰ কোনোবা এজন বন্ধুৰ ঘৰত চাইকেলখন থৈ বন্ধুৰ সৈতে পূজা চাবলৈ ভিৰৰ মাজত হেৰাই গৈছিলো বা কেতিয়াবা ৰাতি লগৰীয়াৰ ঘৰতে আছিলোঁ। পিছলৈ কলেজীয়া দিনবোৰত পূজাৰ সময়ছোৱাত লোৱা আনন্দ হাইস্কুলৰ দিনবোৰতকৈ কিছু সলনি আৰু পৃথক হৈছিল।

কলেজীয়া দিনবোৰত সেই গাঁৱৰ পূজাৰ পৰিবৰ্তে নগৰত থাকি এক সীমিত পৰিমাণৰ আনন্দৰে পাৰ কৰিছিলো। ইয়াৰ মাজতে আমি বি এছ চি পঢ়ি থাকোঁতে কোনোবা এবছৰ পূজাৰ দিন কেইটাত গোলাঘাট নগৰত আমাৰ দেৱৰাজ মহাবিদ্যালয়ৰ অধীনত আমাৰ প্ৰাণী বিজ্ঞান বিভাগৰ এখন প্ৰদৰ্শনী আয়োজন কৰা হৈছিল আৰু আমি জ্যেষ্ঠ ছাত্ৰ হিচাপে প্ৰদৰ্শনী খনত ব্যস্ত আছিলো। সেই বছৰ পূজাৰ কেইটা দিনেই আমি দৰ্শনাৰ্থী সকলক বিষয় বস্তুৰ উপস্থাপন তথা আভাষ দাঙি ধৰাত নিমগ্ন হৈছিলো আৰু ইয়াৰ মাজতে পূজাৰ আনন্দ লৈছিলো। ক্ৰমাগত ভাৱে পৰবৰ্তী পৰ্যায়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি পূজাৰ সময়ত গোলাঘাটলৈ উভতি গৈ লাভ কৰা পূজাৰ আনন্দ বোৰ ক্ৰমাৎ চেপা খাই আহিল আৰু সেইদৰে পূজাৰ আনন্দও স্তিমিত বা সীমিত হৈ পৰিল। পিছলৈ এনেকুৱা হল যে পূজাৰ দিনকেইটাত বন্ধ পাইছোঁ যেতিয়া সেই কেইটা দিনতে ঘৰলৈ গলে মিটিৰ কুটুম অথবা বন্ধু বৰ্গৰ ঘৰলৈ ফুৰিবলৈ যোৱা হলো। আৰু সম্প্ৰতি মহানগৰীত পৰিয়াল সহ থকাৰ পিচত পূজা বুলিলে বন্ধৰ দিনকেইটা বাহিৰত কটাব পাৰি নেকি সেই চিন্তাত নিমগ্ন হোৱা দেখা গল। কাৰণ গুৱাহাটীত পূজা বুলিলে এফালে আশাৰ সঞ্চাৰ আনফালে বিষাদ। যিদৰে আধুনিক সা সজ্জাৰে বৃহৎ আয়োজন সেইদৰে যান যতৰ ভিৰত সেই পূজা চাবলৈ ওলাই যাবলৈ মন নোযোৱা এক বিষাদ। এইয়াই পূজাৰ অনুভৱ গাঁও, নগৰ আৰু মহানগৰৰ।

Related Articles