১ অক্টোৱৰ, গুৱাহাটী:( Durga Puja) এতিয়া দূৰ্গাপূজাৰ বতৰ । ধৰালৈ নামিব দূৰ্গা মা । (Durga Maa )দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত । বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। পুৰাণৰ পৰা মহাভাৰতলৈকে মহালয়াৰ বিষয়ে বহু কাহিনী কোৱা হৈছে।
ব্ৰহ্মবৈবৰ্ত পুৰাণঃ
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ ৷ দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় ৷ কোৱা হয় যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷ দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় ৷ এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ ৷ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ৷
দেৱী ভাগৱত পুৰাণঃ
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে আৰু এই সময়খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিয় কয় যে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক ৷ মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ ৷ বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা ৷”
‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক ৷ অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে হৈছে দুৰ্গা ৷ দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি ৷ পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে ৷ মা দুৰ্গা দেৱীৰ ৰূপ নটা ৷ শাস্ত্ৰত বৰ্ণনা কৰা মতে, সেই নামসমূহ হ’ল একেধাৰে— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷