Durga Puja: নগাঁও চহৰৰ শতাধিক মণ্ডপ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু

Eiffel tower durga puja pandal: আইফেল টাৱাৰ, টাইটানিক, সাগৰৰ তলি আদিয়ে আনিব চমক

নগাঁও, ৮ অক্টোবৰ:(Durga Puja) কাইলৈ দুৰ্গা পূজাৰ ষষ্ঠীৰ প্ৰাক ক্ষণত নগাঁও চহৰত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে নগাঁও ছহৰৰ শতাধিক পূজা মণ্ডপ সাজু হৈ উঠিছে । নগাঁও চহৰৰ প্ৰথমখন দুৰ্গা পূজা হিচাপে চিহ্নিত খ্ৰীষ্টানপট্টিৰ বেলতলাৰ জানকীনাথ সেনৰ দুর্গা পূজাই এইবেলি ১৭৫ বছৰত ভৰি দিছে । জানকীনাথ উকীলৰ বেলতলাৰ পূজাখনৰ বাহিৰেও নগাঁও চহৰৰ আন সাৰ্বজনীন দুর্গা পূজা সমূহৰ ভিতৰত পাঁচখন পূজাই ইতিমধ্যে শতবৰ্ষ গৰকি গৈছে।(Eiffel tower durga puja pandal)

হয়বৰগাঁৱৰ বীণাপাণি নাট্যমন্দিৰৰ দুর্গা পুজাই এইবেলি ১৫৫ বছৰত বৰ্ষত, নগাঁও বাঙ্গালী সম্মিলনীৰ দুর্গা পূজাই ১৩১বর্ষত, আমোলাপট্টি নাট্য মন্দিৰৰ দুর্গা পূজাই ১২৯ বৰ্ষত, ফৌজদাৰীপট্টি কলা মন্দিৰৰ সাৰ্বজনীন দুর্গা পূজাই ১২৭ বৰ্ষত আৰু পানীগাঁও কালীবাৰী দুৰ্গা পূজাই ১০৪ বছৰত ভৰি দিলে।আনহাতে স্বর্ণজয়ন্তী পালন কৰা নগাঁৱৰ দুর্গা পুজাসমূহ হৈছে হয়বৰগাঁও বাঙালী পূজাবাড়ীৰ দুৰ্গা পূজা, হয়বৰগাঁও ৰেলষ্টেচন কালীবাৰী দুর্গা পূজা, নগাঁও ৰেলষ্টেচনৰ দুর্গা পূজা, হয়বৰগাঁও যুৱক সঙ্ঘ, চকীটুপ দুর্গা পূজা, মোল্লাপট্টিৰ ইটানগৰ সাৰ্বজনীন দুর্গা পূজা, নগাঁও সার্বজনীন নেপালী সম্প্রদায়ৰ দুর্গা পূজা, জ্যোতি ফ্ল’ৰ মিলৰ দুর্গা পূজা, নাজিৰাজান দুর্গা পূজা, কলংপাৰ কৃষ্ণাশ্রম শিৱ মন্দিৰৰ দুর্গা পূজা অন্যতম।

ইয়াৰ বাহিৰেও হয়বৰগাঁও বাঙ্গালী পূজাবাৰী, সামাদাৰপট্টি দুর্গা পূজা, পুলিচ ৰিজাৰ্ভৰ দুর্গা পূজা, ৰামকৃষ্ণ পথৰ দুৰ্গা পূজা, পানীগাঁও দুর্গা পূজা, শাস্ত্রী নগৰ কালীবাৰী দুর্গা পূজা সহ আন কেইবাখনো দুর্গা পূজাই পঞ্চাশ বছৰ অধিক কাল ধৰি পূজা উদযাপন কৰি আহিছে। একেদৰে নগাঁও চহৰত উদযাপিত দুর্গা পূজাসমূহৰ ভিতৰত হয়বৰগাঁও মাকালী সঙ্ঘ, চান্দমাৰি পথ দুর্গা পূজা, ইংলিছ পট্টিৰ দুর্গা পূজা, মাৰোৱাৰী যুৱক সঙ্ঘৰ দুর্গা পূজা, শান্তিপুৰ কালীবাড়ী, শান্তিপুৰ ত্রিনয়নী সঙ্ঘ, হয়বৰগাঁও বজাৰ ব্যৱসায়ী সমিতিৰ দুর্গা পূজা, খুটিকটীয়াৰ জ্যোর্তিময় দুর্গা পূজা সমিতি, খ্রীষ্টানপট্টি যুৱক সমিতি, নগাঁও ব্যৱসায় সমিতি, হিন্দু মিলন মন্দিৰৰ দুৰ্গা পূজা, পূৱ আমোলাপট্টি কালী মা মন্দিৰৰ সৰ্বজনীন দুর্গা পূজা, শঙ্কৰ মিছন পথ সার্বজনীন দুর্গা পূজা , নতুন বজাৰ সাৰ্বজনীন দুর্গা পূজা সমিতি , ৰাজস্থানী যুৱক সংঘ, আমোলাপট্টি ত্রিনয়ন সঙ্ঘ, মাৰোৱাৰী পট্টি দুর্গা পূজা, ৰামকৃষ্ণ পথ হৰিজন সম্প্ৰদায়ৰ দুৰ্গা পূজা সমিতি, পানীগাঁও কেঁচাআলিৰ কালী মন্দিৰৰ দুর্গা পূজা, হয়বৰগাঁও জ্যোতি সঙ্ঘ, কচলুখোৱা সার্বজনীন দুর্গা পূজা, চকীটুপ আপোনজন সঙ্ঘ, মিলনপুৰৰ দুর্গা পূজা, মধুপুৰৰ দুর্গা পূজা, ডিমৰুগুড়িৰ দুর্গা পূজা, মৰিকলং দুর্গা পূজা, আমোলাপট্টি মালভোগ বাবা থান দুর্গা পূজা, বিবেকানন্দ সাৰ্বজনীন দুর্গা পূজা সমিতি, পলিৰোড্ দুর্গা পূজা, শ্ৰীশ্ৰী যোগেন্দ্ৰ বাবা শিৱ আৰু দৌল গোবিন্দ মন্দিৰ সাৰ্বজনীন দুর্গা পূজা, লাওখোৱা পথৰ সনাতন হিন্দু সমাজৰ দুর্গা পূজা, দক্ষিণ হয়বৰগাঁও দুর্গা পূজা সমিতি, তিলক ডেকা পথৰ দুর্গা পূজা, ছয়আলি সাৰ্বজনীন দুর্গা পূজা আন্যতম।

এইবাৰ নগাঁও চহৰৰ দুৰ্গাপূজাৰ অন্যতম আকৰ্ষণ হৈছে নগাঁও বাঙ্গালী সন্মিলনীৰ দুৰ্গা পূজাই নিৰ্মাণ কৰা “নীল সাগৰৰ দেশত” শীর্ষক আৰ্হিৰ মণ্ডপ দৰ্শকৰ অন্যতম আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰিব। সাগৰ তলিৰ জগতখনক উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে সুন্দৰ ৰূপত উপস্থাপন কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । একেদৰে চহৰখনৰ শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে নিৰ্মাণ কৰা টাইটানিক জাহাজৰ আৰ্হিৰ মণ্ডপো আন এক আকৰ্ষণ হৈ পৰিব। চহৰখনৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে পুৰণি দিনৰ কেতবোৰ সম্পদৰাজিক উপস্থাপন কৰাৰ লগতে জীৱন্ত ৰূপত দেৱী দুৰ্গাৰ এক প্ৰদৰ্শনীৰো আয়োজন কৰিছে। চহৰখনৰ শনিমন্দিৰ পথৰ ৫২ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা ৰাইজৰ বাবে আন এক আকৰ্ষণ হৈ পৰিব ।

আনহাতে চহৰখনৰ পাৰ্শ্বৱৰ্তী ৰণথলীত এইবাৰো জনপ্ৰিয় কেঁচাসোণৰ প্ৰতিষ্ঠান ডুগডুগী স্বতাধিকাৰী উৎপল বণিয়াৰ বাসগৃহত নৱমবাৰৰ বাবে অনুষ্ঠিত দুৰ্গাপূজাৰ মণ্ডপ আইফেল টাৱাৰ আকৃতিত ডুগডুগী দুৰ্গাপূজাৰ মণ্ডপ আন এক আকৰ্ষণ হৈ পৰিব ।নগাঁও চহৰৰ সমীপৱৰ্তী ননৈ অঞ্চলৰ উদীয়মান যুৱক অঞ্জন ,বাবুৰ দৰে অসমীয়া থলুৱা শিল্পীয়ে কাঠ, বাঁহ, প্লাইব’ৰ্ড আদিৰে মূল প্ৰৱেশদ্বাৰ বিশ্ব বিখ্যাত পেৰিছৰ ‘আইফেল টাৱাৰ’ আৰ্হিত ৭০ ফুট উচ্চতাৰ পূজা মণ্ডপ নিৰ্মাণ কৰি উলিয়াইছে ৷ পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰি যুৱ প্ৰজন্মৰ সন্মুখত ক্ৰীয়া ক্ষেত্ৰখনত আকৰ্ষিত কৰা উদ্দেশ্যৰে বেডমিণ্টন, হকী, বক্সীং আদিকে ধৰি বিভিন্ন খেল-ধেমালীৰ প্ৰতীক চিহ্ন, ষ্টেডিয়ামৰ বিৱৰণ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। আনহাতে ২১ সংখ্যক বৰ্ষত পদাৰ্পন কৰা নগাঁও চহৰৰ পানীগাঁও ছয়আলি সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱ দৌলৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ ৰাইজৰ বাবে আন এক আকৰ্ষণ হব। ইপিনে চহৰখনৰ মাজৰাআটি তেলিয়াগাঁও উত্তৰহয়বৰগাঁও সাৰ্বজনীন দুৰ্গোৎসৱে এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। আনহাতে জিলাখনৰ পুৰণিগুদামৰ ১২৪ বছৰীয়া ইতিহাস প্ৰসিদ্ধ কাঠৰ প্ৰতিমাৰ দুৰ্গা পূজাও অতি আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হব ।
ইপিনে জিলাখনৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ হাতীমূৰা পাহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ দুৰ্গা মন্দিৰত পূৰ্বৰ দৰেই এইবাৰো ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি দুৰ্গা পূজা অনুষ্ঠিত হব ।জিলাখনৰ ৰহা,চাপৰমুখ, আমচৈ,ফুলগুৰি,ডিমৌ ,বেবেজীয়া,দক্ষিণপাট, দলংঘাট, জাজৰী ,ধিং, জুৰীয়া, ৰূপহী, লাওখোৱা, আমবাগান, নলতলী,কলিয়াবৰ, জখলাবন্ধা,কুঠৰী, বাগৰি,আমনি, চামগুৰি, সোণাইবালি, লাইলুৰী,শিৱস্থান, সোণাইবালি, গড়াজান, পুৰণিগুদাম, উৰিয়াগাঁও, ভোটাইগাঁও, ডিমৰুগুৰি,পাঠৰী, ননৈ, বঢ়মপুৰ, চাপানলা, কঠিয়াতলী, কামপুৰ, দক্ষিণ পাট, জামুগুৰি আদি স্হানৰ দুই শতাধিক পূজা সমিতিৰ লগতে জিলাখনৰ ২৪খন চাহ বাগিচা এলেকাতো দুৰ্গাপূজা উদযাপন কৰা হব।

Related Articles