Breaking

দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী বৰলীয়া নৈৰ ওপৰৰ বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে।

0 1,067

তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ সমীপৰ লাছিঘাটত বৰলীয়া নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আজি বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়াৰ ফলত লাছি, গলবেৰা, উত্তৰ গলবেৰা, ৰাঙাপানী, কাউৰবাহা, গান্ধীবাৰী, গোৰেশ্বৰ আদি অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ যাতায়ত আজি বন্ধ হৈ পৰে। উল্লেখ্য যে কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰে আৰু বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত  যোগাযোগ বন্ধ হৈ পৰে।  তাৰ পিছত নদীৰ দুয়োটা পাৰৰ অঞ্চলটোৰ  স্থানীয় ৰাইজে বৰলীয়া নৈৰ ওপৰত এখন  বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল। প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি  বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত পুনৰ  যাতায়ত বন্ধ হৈ পৰে। আজি বছৰটোৰ প্ৰথমটো বানে সাঁকো খন পুনৰ  উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ যাতায়তৰ  বাবে বন্ধ হৈ পৰে যাতায়ত। অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ জনাইছে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইন, তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খানৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.