Breaking

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড…

0 74

 দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে ডি ৱাই চন্দ্ৰচূডনিযুক্ত হোৱাটো নিশ্চিত হৈ পৰিল। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব।

ন্যায়াধীশগৰাকীয়ে ১১ নৱেম্বৰ, ২০২৪ লৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ পদত বাহাল থাকিব।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ ইটত কয়, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ ভিত্তিত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে।

” ‘অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ’ব। তেওঁ ১১ নৱেম্বৰ,২০২৪ তাৰিখে অৱসৰ ল’ব।

২০১৬ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূডো দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ তেওঁ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

Leave A Reply

Your email address will not be published.