Breaking

ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী

0 52

ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী। ন -প্ৰতিভাবান কবি আৰু সাহিত্য কৰ্মক স্বীকৃতি আৰু প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে গঠন কৰা”সাহিত্য চৰ্চাৰ মাধ্যম”গোটৰ উদ্যোগত মঙ্গলবাৰে এখন ই-আলোচনী উন্মোচন কৰা হয়।

সন্ধিয়া ৰঙিয়াৰ ব্যক্তিগত চিকিৎসালয় স্পৰ্শ হস্পিতালৰ প্ৰেক্ষাগৃহত আলোচনীখনৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে শৌল্য চিকিৎসক ডা:সৌৰভ বৰুৱাই।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ডাঃ ব্ৰজেন বৰ্মন,ডাঃ ভৰত বৈশ্য, বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাসহ কেবাজনো বিশিষ্ট ব্যক্তি।

সাহিত্যিক,নাট্যকাৰ কুলেন্দু ৰায় চৌধুৰীয়ে বৰ্তমানৰ সাহিত্য সম্পৰ্কে অতি হৃদয়স্পৰ্শী বক্তৃতা আগবঢ়ায়।লগতে নৃত্য পৰিচালক ৰাজু দাসেও ই-আলোচনী খনৰ উত্তৰোত্তৰ কামনা কৰি বক্তৃতা আগবঢ়ায়। সভাৰ আঁত ধৰে কাব্যশ্ৰী উজ্জ্বল ডেকাই,সহযোগ কৰে কাব্যশ্ৰী বৰশা কাশ্যপ আৰু পঙ্কজ অসমীয়া কলিতাই।গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অতিথিসকলক একোখনকৈ মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।আশাকৰা হৈছে ই-আলোচনীখনে নৱ প্ৰজন্মৰ সৃষ্টিৰাজীক এক অনন্য মাত্ৰা প্ৰদান কৰিব।Attachments area

Leave A Reply

Your email address will not be published.