Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

Earthquake in Assam : আজি পুৱা এটা মজলীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত প্ৰায় ১৬ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। (Guwahati)

আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি জিলাৰ ১৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মজলীয়া প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই।

Related Articles