মৰক্কোত ভয়ংকৰ ভূমিকম্প, ৬৩২ জনৰ মৃত্যু

মৰক্কোবাসী আতংকিত হৈ পৰিছে। প্ৰকৃতিৰ ৰোষত পৰিছে মৰক্কো। শুকুৰবাৰে নিশা প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় মৰক্কো।

এই বৃহৎ ভূমিকম্পৰ জোকাৰণিৰ ফলত মৃত্যু হয় ৬৩২ জন লোকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত উৎপন্ন হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়। এই ভূমিকম্পৰ ফলত বহু ঘৰ অট্টালিকা খহি পৰে।

মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প।

এই ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ পোৱা নাই তথাপিও দেশখনত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Articles