Breaking

জাঁজী নদীৰ খহনীয়াত বিধস্ত পূব লাহিং

0 1,295

যোৰহাট জিলাৰ টীয়ক ৰাজহচক্ৰৰ অন্তৰ্গত ভূঞাহাটৰ বৈছাহাবি পথ আৰু ধোদৰ আলি সংযোগী বাইলুং গাওঁ -হাতীমুৰীয়া  পথটো এতিয়া জাঁজী নদীৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈছে। উল্লেখযোগ্য যে, পথটোৰ হাতীমুৰীয়াত ২০১১ চনতে খহনীয়াৰ সৃষ্টি হৈছিল। পৰবৰ্তী সময়ত পথটোৰ খহনীয়াগ্ৰস্ত অংশ মেৰামতিৰ ব্যৱস্থা কৰা হৈছিল যদিও  উক্ত স্থানৰ চাহবাগনৰ নলাৰ পানী নদীলৈ নিগৰি নিগৰি পৰি থকাত পথটো দুদিনৰ পূৰ্বে নদীৰ গৰ্ভত জাহ যায়। সম্প্ৰতি পথটো  পিএমজিএছ ৱাই আঁচনিৰ অধীনত নিৰ্মান কৰা হৈ আছিল আৰু নিৰ্মান কাৰ্য চলি থকাৰ সময়তে পথটোৰ উক্ত অংশ প্ৰৱল বৰষুণৰ ফলত নদীৰ গৰ্ভলৈ খহি পৰে। ফলত ১৫ /২০ খন গাঁৱৰ জনসাধাৰণৰ আমগুৰি নগৰলৈ যাতায়তৰ চমু পথ হিচাপে ব্যৱহৃত পথটো সম্পূৰ্ণ বন্ধ হৈ পৰাত স্থানীয় ৰাইজে সংশিষ্ট পক্ষক আবেদন কৰাত কিছুদিন পূৰ্বে পথটো ঠিকাদাৰে যাতায়তৰ উপযোগী কৰি তুলিছিল। পথটো উপযোগী কৰাৰ পিছত যোৱা দুদিন ধৰি হোৱা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত পথটো পুনৰ প্ৰায় সম্পূৰ্ণ ৰূপে খহি পৰাত এতিয়া ৰাইজ পনবন্দী হৈ পৰিছে। এতিয়া  স্থানীয় ৰাইজে তৎকালেই পথটোৰ খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি পথটো পুণৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ প্ৰশাসনক দাবী জনাইছে।

Leave A Reply

Your email address will not be published.