সাত ৰাজ্যৰ অংশগ্ৰহণৰে গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী। মহানগৰীত উপস্থিত ঝাৰখণ্ড, মিজোৰাম, বিহাৰৰ ল’ৰা-ছোৱালীৰ দল…

অহা ২৪ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতা৷হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিব৷ ইতিমধ্যে ঝাৰখণ্ড, মিজোৰাম আৰু বিহাৰৰ দল আহি গুৱাহাটীত উপস্থিত হৈছে৷ অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ সকলো খেল ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইফালে, অসম হকী সন্থাই প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’বলগা অসমৰ ল’ৰা-ছোৱালী দলৰ অনুশীলন শিবিৰটো সম্প্ৰতি ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত চলি আছে৷ঘৰত খেলাৰ সুযোগ লাভ কৰি অসমৰ উভয় দলে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম হকী সন্থাৰ সম্পাদকজন৷মণিপুৰ, বংগ আৰু ওড়িছা দল কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বুলি সদৰি কৰে সম্পাদক দাসে৷উল্লেখ্য যে আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

Related Articles