Breaking

খালী পেটত নাৰিকল তেলত তিয়াই ৰখা খেজুৰ খালে স্বাস্থ্যই লাভ কৰে দুগুণ পুষ্টি…

0 46

ৰাতিপুৱা খালী পেটত পানীত তিয়াই লোৱা খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু খালী পেটতে নাৰিকল তেলত তিয়াই খেজুৰ খালে স্বাস্থ্যই লাভ কৰিব দুগুণ পুষ্টি। আনহাতে শেহতীয়াকৈ এক সাক্ষাৎকাৰতো বলিউদৰ অভিনেত্ৰী সোহা আলী খানে কৈছিল যে তেওঁ ৰাতিপুৱা প্ৰথমতে নাৰিকল তেলত তিয়াই ৰখা খেজুৰ খায়। কিয়নো খেজুৰ আৰু নাৰিকল তেল দুয়োবিধেই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ, দুয়োবিধ একেলগে খালে আপোনাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।

খেজুৰত প্ৰাকৃতিকভাৱে প্ৰচুৰ পৰিমাণে চেনি থাকে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। একে সময়তে নাৰিকল তেলত থকা MCT য়ে শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰাত সহায় কৰে। একেলগে দুয়োবিধ খালে শৰীৰে অধিক শক্তি পাব।

নাৰিকল তেলত থকা ল’ৰিক এচিডে সঠিক হজম শক্তি উন্নত কৰে। লগতে খেজুৰে পাচনতন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।

নাৰিকল তেলত থকা HDL য়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। একে সময়তে খেজুৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

খেজুৰত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ আদি খনিজ পদাৰ্থৰ উত্তম উৎস, যিবোৰ হাড় গঠন আৰু শক্তিশালী কৰাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও নাৰিকল তেলে ভিটামিন ডি শোষণত সহায় কৰে, যিয়ে হাড়ত কেলচিয়াম জমা হোৱাত সহায় কৰে।

নাৰিকল তেলে প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে, ছালখনক কোমল কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও খেজুৰত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ছালখনক পুষ্টি প্ৰদান কৰে আৰু লগতে চুলি শক্তিশালী কৰাত সহায় কৰে।

Leave A Reply

Your email address will not be published.