Breaking

eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ

20

চিন্তা, বুজা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাক জ্ঞান শক্তি বোলা হয়। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি কমিবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়। স্মৃতি শক্তি ভালে ৰাখিবলৈ কণী খোৱাৰ আৰম্ভ কৰক।(eating eggs can make your brain sharper)

স্মৃতিশক্তি দুৰ্বল হোৱা বয়স বৃদ্ধিৰ সাধাৰণ এটা কাৰক। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি বহুতে হেৰুৱাবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়।(eating eggs can make your brain sharper)

অৱশ্যে এটা নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোত কোৱা হৈছে যে বয়সস্থ মহিলাৰ জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰিব পাৰে কণীয়ে। ই আপোনাৰ স্মৃতিশক্তি উন্নত কৰাৰ লগতে মগজুৰ কাৰ্যবাহী কাৰ্য্যকলাপ, যেনে আত্মনিয়ন্ত্ৰণ, নমনীয়তা আৰু দক্ষতাৰ ব্যৱহাৰ উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই অধ্যয়নত কণীয়ে মগজুৰ স্বাস্থ্য উন্নত কৰা সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।

লগতে পঢ়কঃ Rainy Season: চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰে চকু, ছালো অসুস্থ কৰি তুলে; এইদৰে নিজৰ যত্ন লওক
শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি কণী খোৱাৰ ফলত আপোনাৰ জ্ঞানশক্তিৰ অৱনতি নিয়ন্ত্ৰণত ৰখাত সহায়ক হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোৰ জৰিয়তে দেখা গ’ল যে বয়স বৃদ্ধিৰ লগে লগে কণী খোৱাৰ ফলত জ্ঞানমূলক প্ৰদৰ্শন উন্নত হয়।

কণী প্ৰটিনৰ সমৃদ্ধ উৎস যিয়ে আপোনাৰ দৈনন্দিন প্ৰয়োজনীয়তা সহজে পূৰণ কৰাত সহায় কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। প্ৰটিনৰ উপৰিও ই আপোনাৰ চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী। কাৰণ কণীত লুটিন আৰু জিএক্সান্থিন থাকে, যিয়ে চকুৰ ৰেটিনাত প্ৰভাৱ পেলায়। এইবোৰৰ উপৰিও ওজন কমাবলৈ কণী খাব পাৰে।

দিনটোত এটা বা দুটা কণী খাব পাৰে। অৰ্থাৎ এসপ্তাহত ৭টা কণী খাব পাৰিব। অৱশ্যে ইয়াৰ লগতে আপুনি সুষম খাদ্যও খাব লাগিব। কণীত কলেষ্টেৰল বেছি থাকে। এটা কণীত ২০০ কলেষ্টেৰল থাকে, গতিকে খোৱাৰ আগতে এই কথা মনত ৰাখিব। কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ বগা অংশটোহে খাব পাৰে। কণীৰ বগা অংশত প্ৰটিন আৰু শূন্য চৰ্বি থাকে। ইয়াৰ হালধীয়া অংশত কলেষ্টেৰল আৰু চৰ্বি থাকে।

আপুনি প্ৰতিদিনে কণী খাব পাৰে, কিন্তু বেছি নহয়। কিন্তু যদি আপোনাৰ কলেষ্টেৰল বা হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে আপুনি দৈনিক কণী খোৱাৰ পৰা বিৰত থাকিব।
লগতে পঢ়কঃ How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক

Comments are closed.