এই পৃথিৱীত মানুহেই হ’ল একমাত্ৰ চিন্তাশীল জীৱ।(Education and Teachers) এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। চিন্তাশীল বা চিন্তাশক্তি বুলিলে যিখন ক্ষেত্ৰ চিহ্নিত কৰাহয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্ৰ। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্ৰই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্ৰ।(Equip) গতিকে শিক্ষা অবিহনে আমাৰ জীৱন অৰ্থহীন। প্ৰকৃত অৰ্থত, ‘শিক্ষা’ এই শব্দটোৱেই সবাতোকৈ গভীৰ তথা মহত্তম্ শব্দ।
শিক্ষাৰ জৰিয়তেহে মানুহে লাভ কৰে অনাবিল আনন্দ, উৎসাহ, উদ্যম, কৰ্মস্পৃহা প্ৰেৰণা আদি। স্বামী বিবেকানন্দই কৈছিল- “আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।”(Prospective) শিক্ষা ব্যৱস্থাটোৰ ওপৰতেই এটা জাতি বা এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে।
মানৱ সভ্যতাৰ বিকাশৰ লগে লগে শিক্ষাৰ লক্ষ্য, নীতি ভূমিকা আদি বিভিন্ন ৰূপত প্ৰকাশ পাই আহিছে। শিক্ষাৰ মূল লক্ষ্য হৈছে মানুহ গঢ়া। বিশিষ্ট শিক্ষাবিদ হাৰ্বাট স্পেন্সাৰে শিক্ষা সম্পৰ্কে কৈছিল- ‘শিক্ষাই এটি শিশুক প্ৰকৃত জীৱন যাপনৰ উপযোগী কৰি তুলিব লাগিব, শিক্ষাই ক’ব লাগিব কেনেকৈ আমি শৰীৰ প্ৰতিপালন কৰিব লাগে, কেনেকৈ মনৰ কৰ্ষণ কৰিব লাগে, কেনেকৈ সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু কেনেকৈ এজন সুনাগৰিক গঢ়ি তুলিব পাৰি।’
শিক্ষাই সমাজৰ আৰু নিজৰ উন্নতিৰ কাৰণে প্ৰত্যেক ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক গুণাৱলীৰ সম্পূৰ্ণৰূপে বিকাশ সাধন কৰি তোলে। শিক্ষাই মানুহক সংবেদনশীল কৰি গঢ় দি তোলাৰ লগতে মানৱীয় গুণৰাজিৰ বিকাশ ঘটাই। জ্যেষ্ঠজনক সন্মান কৰাৰ মনোবৃত্তি গঠনত সহায় কৰে আৰু সৰ্বোপৰি মানুহক সংস্কৃতিবান আৰু ৰুচিসম্পন্ন কৰি তোলে, আত্মসন্ম§ানবোধ জগাই তোলে আৰু সামাজিকভাৱে সজাগ কৰি তোলে। অৱশ্যে শিক্ষাৰ দিশত অভিজ্ঞতাৰ শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা একে কথা নহয়।
এজন নিৰক্ষৰ মানুহৰো এটা উচ্চশিক্ষিত মন থাকিব পাৰে আৰু তাৰ বিপৰীতে এজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত উচ্চ ডিগ্ৰীধাৰী লোকৰ মনো অশিক্ষিত মনৰ সাঁচৰ হৈ থাকিব পাৰে।(Wider Community) মহামতি অশোক, আকবৰ অথবা চাওলুং চ্যুকাফা আনুষ্ঠানিক শিক্ষাৰে কিমানদূৰ শিক্ষিত হৈ ইতিহাসক কেনেধৰণৰে গতি প্ৰদান কৰি নিজৰ নাম আৰু কৰ্মক সোণালী আখৰৰে কাললৈ জাকত জিলিকাবলৈ সক্ষম হৈছিল সেইটো সৰ্বজন স্বীকৃত বিষয়। অৱশ্যে সাম্প্ৰতিক সময়ত ফটফটীয়া দিশটো হ’ল সভ্যতাৰ বিকাশত আনুষ্ঠানিক শিক্ষাৰ গুৰুত্বহে সৰ্বাধিক।(Attitudes)
তাহানিৰ গুৰুকুল শিক্ষা ব্যৱস্থাই হওঁক বা আজিৰ অত্যাধুনিক ছেটেলাইট্ ক্লাচৰুমৰ ব্যৱস্থাই হওঁক- সকলো সভ্যতাৰ সকলো শিক্ষা ব্যৱস্থাতে সত্তাৰ বিকাশৰ বাবে, প্ৰয়োজনীয় সচেতনতাক সমৃদ্ধ কৰিবৰ বাবে শৈক্ষিক পৰিস্থিতিৰ মূল্যায়ণ যে অনস্বীকাৰ্য সেয়া প্ৰমাণিত। দৰাচলতে শিক্ষা মানৱ জীৱনৰ পূৰ্ণতাৰ স্বাক্ষৰ। শিক্ষাই মানৱ জীৱনত শুদ্ধ চিন্তা আৰু সৎ কৰ্মৰ পথ মোকলাই তোলে। জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি, কেনেভাৱে জীৱন নিৰ্বাহ কৰিলে জন্মলাভৰ সাৰ্থকতা হয়, সেই দিশৰ সন্ধান একমাত্ৰ উপযুক্ত শিক্ষাইহে দিব পাৰে। শিক্ষাৰ লগতে জড়িত হৈ আছে মানৱ-জীৱনৰ ক্ৰমোন্নতিৰ সম্পৰ্ক।
এখন দেশৰ সমৃদ্ধি আৰু জীৱন নিৰ্বাহৰ প্ৰগতি নিৰ্ভৰ কৰে মানদণ্ডসম্পন্ন শিক্ষাব্যৱস্থাৰ ওপৰত। আচলতে দেশ এখন যিমানেই সম্পদশালী নহওক কিয়, শিক্ষাৰ দিশটো যদি পুতৌলগা হয়, তেতিয়াহ’লে দেশখনে কেতিয়াও প্ৰগতি কৰিব নোৱাৰে। আজি যিবোৰ দেশে আধুনিক শিক্ষা-ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তনেৰে আধুনিক জীৱনৰ লগত সংগতি ৰাখিবলৈ সক্ষম হৈছে, সেইবোৰ দেশৰ জনসাধাৰণে তেনে শিক্ষা লাভ কৰি স্বাভাৱিকতে উপকৃত হৈছে।
সাম্প্ৰতিক সময়ত গোলকীকৰণৰ জৰিয়তে সমগ্ৰ বিশ্বত শিক্ষা বিষয়টোৰ ওপৰত যঠেষ্ট গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ সামগ্ৰিক উন্নয়ণৰ হেতু ‘সকলোৰে বাবে শিক্ষা’ এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়ণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে। দেখা গৈছে, বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে আধুনিক শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে বিভিন্ন আঁচনি আৰু বিভিন্ন পৰিকল্পনা যুগুতাই শিক্ষানীতিক বাস্তৱমুখী কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।
এটা কথা ঠিক যে ৰাষ্ট্ৰৰ শিক্ষা আয়োগসমূহে বা চৰকাৰে শিক্ষাপদ্ধতিৰ উন্নয়ণৰ বাবে যিমানেই আঁচনি বা পৰিকল্পনা নলওক কিয়, এইবোৰক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰে সমাজ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে। সমাজৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মানদণ্ড উন্নত কৰি গতিশীল সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰি সুস্থ, সৱল, সুনাগৰিক হিচাপে গঢ়ি তোলাত মূখ্য ভূমিকা পালন কৰে শিক্ষকসকলে।
শিক্ষক হৈছে এক চিৰপ্ৰজ্বলিত বন্তি যাৰ জ্যোতিয়ে আলোকিত কৰে এখন সমাজ, এটা জাতি। মানুহ গঢ়াৰ খনিকৰৰূপী শিক্ষকসকলেই আমৃত্যু কৃচ্ছসাধনৰ মাজেদি ভৱিষ্যত প্ৰজন্মক প্ৰতিনিয়ত জ্ঞানৰ পোহৰৰে উদ্ভাষিত কৰি তোলে। কোৱা হয় – ‘শিক্ষক জন্মহে হয়, গঢ় দিব নোৱাৰি (‘Teacher is born, not made’)। শিক্ষকসকল সমাজৰ আটাইতকৈ উল্লেখনীয় আৰু সন্মানীয় ব্যক্তি। শিক্ষকসকলক ত্যাগ আৰু আদৰ্শৰ প্ৰতীক বুলি কোৱা হয়। শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কৰ বিষয়ে সকলোৱেই জ্ঞাত।
শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বন্ধু, পথ-প্ৰদৰ্শক। প্ৰখ্যাত দাৰ্শনিক এৰিষ্ট’টলে কৈছিল-‘শিক্ষকসকল পিতৃ-মাতৃতকৈও শ্ৰদ্ধাৰ পাত্ৰ, কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্মহে দিয়ে, জীৱন ধাৰণৰ প্ৰণালী নিৰূপণ কৰে শিক্ষকে’। শিক্ষকৰ পৰা লাভ কৰা জ্ঞান এজন ছাত্ৰই আজীৱন মনৰ মাজত আলফুলে কঢ়িয়াই লৈ ফুৰে। আমাৰ ভাৰতীয় সমাজতো শিক্ষকসকলৰ প্ৰতি সকলোৰে মনত এটা অতি উচ্চ ধাৰণা প্ৰোথিত হৈ আছে।
প্ৰাচীন কালৰে পৰাই ছাত্ৰসকলে গুৰু বা শিক্ষকক দেৱতাতুল্য জ্ঞান কৰি আহিছে। গুৰুৰ আশ্ৰমত থাকি গুৰুৰ আদেশ আৰু উপদেশ বিনা-প্ৰতিবাদে আখৰে আখৰে পালন কৰিছিল। ‘গুৰু ব্ৰহ্মা গুৰু বিষু্ণ! গুৰু দেৱ মহেশ্বৰ! গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱেই নমঃ’।
মহান দাৰ্শনিক, আদৰ্শ শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- ‘শিক্ষক সকল সমাজৰ এক শ্বাশ্বত প্ৰয়োজন। তেওঁলোকে বৌদ্ধিক, সাংস্কৃতিক আৰু প্ৰযুক্তিগত কৌশল এটা প্ৰজন্মৰ পৰা আন এটালৈ সংবহন কৰি সভ্যতাৰ চাকিগছি জ্বলাই ৰাখে’। এগৰাকী শিক্ষকৰ বাবে শিক্ষাদান এটা পবিত্ৰ সেৱা। নিজৰ বিস্ত´ত জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক শুদ্ধ-সত্য পথেৰে নিয়াটো শিক্ষকৰ মূখ্য কৰ্তব্য।
শিক্ষকসকল ছাত্ৰৰ পৰম বন্ধু, শুভাকাংক্ষী, পথ-প্ৰদৰ্শক, জ্ঞানদাতা তথা পিতৃস্বৰূপ হৈ পৰিলেহে ছাত্ৰ-ছাত্ৰীসকল জ্ঞানেৰে মহিমামণ্ডিত হৈ ভৱিষ্যত জীৱনত নিজকে সফল কৰি গঢ়ি তুলিব পাৰিব। এজন প্ৰকৃত আৰু আদৰ্শ শিক্ষক হ’বলৈ কিছুমান বিশেষ গুণৰ অধিকাৰী হোৱা একান্তই বাঞ্চনীয়। যোগ্যতা, বিচক্ষণতা, দক্ষতা, চৰিত্ৰ, ৰসিকতা, বাকপটুতা আৰু তৎপৰতা হৈছে এখন সফল আৰু আদৰ্শবান প্ৰকৃত শিক্ষকৰ চাবিকাঠি। শিক্ষক সকল হ’ব লাগিব জিজ্ঞাসু, অনুসন্ধিৎসু আৰু অধ্যয়ণশীল।
যি ভাষাৰ মাধ্যমত তেওঁ শিক্ষাদান কৰিব, সেই মাধ্যম তেওঁ পুংখানুপুংখকৈ আয়ত্ব কৰিব লাগিব। তেওঁ হ’ব লাগিব আদৰ্শৱান, সৎ, সহনশীল, সদাচাৰী, ধৈৰ্যশীল, স্নেহপৰায়ণ, সমদৃষ্টিসম্পন্ন, ন্যায়নিষ্ঠ, নীতিনিষ্ঠ, সময়ানুৱৰ্তী, সত্যবাদী আৰু ত্যাগী। সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা পোষণ (‘Simple Living High Thinking’)- এই আদৰ্শ শিক্ষকসকলে সৰোগত কৰা উচিত।
ইউনেস্ক’ ই ১৯৯৬ চনত প্ৰকাশ কৰা ‘What Makes a Good Teacher’ গ্ৰন্থত শিক্ষকৰ থাকিবলগীয়া গুণৰ বিষয়ে কোৱা হৈছে- ‘শিক্ষক এজন ধৈৰ্যশীল আৰু দয়ালু, নমনীয় আৰু প্ৰত্যুপন্নমতি, সহিষু্ণ আৰু মুক্ত মনৰ হোৱা উচিত। তেওঁ হাস্যৰসিক, উৎসাহী আৰু শিকাই আনন্দপোৱা বিধৰ হ’ব লাগে। শিক্ষকজন সৎ, কল্পনাপ্ৰৱণ, সৃষ্টিক্ষম, দক্ষ, আত্মশৃংখল, সহায়ক, নম্ৰ আৰু নিৰহংকাৰী হোৱা উচিত।” শিক্ষক হোৱাৰ আগতে বহু ব্যক্তিৰ এই গুণসমূহ নাথাকিব পাৰে, কিন্তু শিক্ষকতাক বৃত্তি হিচাপে ল’লে এই গুণ সমূহৰ অধিকাৰী হ’বই লাগিব। শিক্ষকতা মাথো এক বৃত্তিয়েই নহয়, ই ত্যাগ আৰু দায়িত্ববোধৰ প্ৰতীকস্বৰূপ।
প্ৰকৃতাৰ্থত গুণী, জ্ঞানী, সত্যবাদী, কৰ্তব্যপৰায়ণ, সুদক্ষ শিক্ষকসকলে বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে এটি উপযুক্ত জাতি তৈয়াৰ কৰিব পাৰে। শিক্ষকসকলে অনুধাৱন কৰা উচিত যে ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ লোৱা প্ৰথম কিতাপখন হৈছে তেওঁলোকৰ আগত উপবিষ্ট হোৱা শিক্ষক গৰাকী। তেওঁলোকে প্ৰথমতে শিক্ষকগৰাকীক হে অধ্যয়ণ কৰে, পিছতহে তেওঁ কৰা পাঠদানত মনোনিৱেশ কৰে।
শিক্ষক সকলক ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিমূহুৰ্ততে অনুকৰণ কৰে। সেয়ে শিক্ষকগৰাকীয়ে নিজকে আদৰ্শনীয ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীৰ সন্মূখত থিয় হ’ব লাগিব। তাৰোপৰি, দেশ আৰু জাতি অহৰহ প্ৰগতিৰ দিশত ধাৱমান হ’বলৈ হ’লে শিক্ষকসকলে ন-ন জ্ঞানৰ অন্বেষণ স্বয়ংসম্পূৰ্ণ হৈ থকাতো অতিকে প্ৰয়োজনীয়।
জ্ঞানৰ আলোকৰে সমাজক আলোকিত কৰি তোলাত শিক্ষক সমাজৰ কৰণীয় নিশ্চিতভাৱে অপৰিসীম আৰু ইয়াৰ সামান্য হীনদেৰি হ’লেই ভৱিষ্যতৰ সমাজত এক বিৰূপ তথা নেতিবাচক প্ৰভাৱ পৰিব। কোৱা হয়, ‘এগৰাকী চিকিৎসকৰ ভুল চিকিৎসাত এজন ৰোগীৰ মৃত্যু হয়, কিন্তু এগৰাকী শিক্ষকৰ ভুল শিক্ষাত এটা জাতি ধবংস হ’ব পাৰে’।-
এই সম্পৰ্কে শিক্ষকসকল সদা-সচেতন হোৱা একান্ত প্ৰয়োজন। এজন প্ৰকৃত আদৰ্শবাদী শিক্ষক সদায় সমাজৰ বা দেশৰ আদৰণীয়, অণুকৰণীয় ব্যক্তি আৰু তেওঁ আগবঢ়াই যোৱা বৰঙণি ছাত্ৰ-ছাত্ৰী তথা সমাজে সদায় শ্ৰদ্ধা আৰু সন্মানৰে গ্ৰহণ কৰাৰ লগতে তেওঁ দেখুৱাই যোৱা আদৰ্শ উজ্বলময় ৰূপত কাললৈ সমাজত জিলিকি থাকিব।
কোঠাৰী শিক্ষাআয়োগৰ ‘Education and National Development’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছিল – ‘ভাৰতবৰ্ষৰ ভৱিষ্যৎ ইয়াৰ শ্ৰেণীকোঠা সমূহত তৈয়াৰ হয় (‘The Destiny Of India Is Now Being Shaped In Her Classroom’)। বৰ্তমান শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰীক যদিও শিক্ষাৰ্থীৰ কিছুমান প্ৰবৃত্তিগত প্ৰৱণতা, প্ৰতিক্ৰিয়া আৰু আচৰণ সুনিয়ন্ত্ৰীত কৰি সজ অভ্যাস গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীৰ সৰ্বাংগিণ বিকাশ কৰি এক সুস্থ ব্যক্তিত্ব গঠনত নিশ্চিতভাৱেই শিক্ষকগৰাকীয়ে সবল ভুমিকা পালন কৰে।
সম্প্ৰতিক কালৰ শিক্ষা ব্যৱস্থাৰ মূল নীতি হৈছে আনন্দদায়ক আৰু ফলপ্ৰসু শিক্ষা। ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো ধৰণৰ মানসিক আৰু শাৰিৰীক কষ্ট নোপোৱাকৈ শিক্ষাগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰা হৈছে। বৰ্তমান সময়ত শিক্ষকসকলে শিশুৰ মনোবৈজ্ঞানিক দিশ অধ্যয়ণ কৰি পাঠদান কৰিব লাগিব। শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ যাতে স্থবিৰতাই দেখা নিদিয়ে আৰু মানৱ-সম্পদৰ অপচয় হ’ব নোৱাৰে তাৰ বাবে শিক্ষা আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যিখিনি শিক্ষক সমাজৰ সদ্দিচ্ছা আৰু সহযোগিতা অবিহনে কেতিয়াও ফলপ্ৰসু হ’ব নোৱাৰে।
শিক্ষকসকলে নতুন নতুন কৌশল শ্ৰেণীকোঠাত প্ৰয়োগ কৰি প্ৰায়োগিক দিশত ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষাদান কৰিব লাগিব। একোটা শ্ৰেণীত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ৰুচি-অভিৰুচিৰ ছাত্ৰ-ছাত্ৰী থাকে। একেদৰে বিভিন্ন সমাজ ব্যৱস্থা আৰু পৰিৱেশৰ ৰ ভিন ভিন আচৰণৰ অনেক ছাত্ৰ-ছাত্ৰী থাকে। গতিকে এই সকলোবিলাক দিশলৈ লক্ষ্য ৰাখি এগৰাকী শিক্ষকে যদি শিশুমনঃস্তত্বৰ জ্ঞানেৰে আধুনিক বৈজ্ঞানিক শিক্ষাপ্ৰণালী প্ৰয়োগ কৰি শিক্ষাদানত ব্ৰতী হয় তেন্তে সেই শিক্ষা নিশ্চিতভাৱে ফলপ্ৰসু হৈ উঠিব।
তাৰোপৰি কেৱল পাঠ্যপুথিৰ সীমিত জ্ঞানৰ মাজতে ছাত্ৰ-ছাত্ৰীক সীমাবদ্ধ কৰি নাৰাখি শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক চৰিত্ৰগঠন, সৎ চিন্তা, সৎ কৰ্ম আদিৰে ব্যক্তিত্বৰ উৎকৰ্ষ সাধন কৰি দেশখনক ভাল পাব পৰা জাতিটোক ভাল পাব পৰা একোগৰাকী ‘ভাল মানুহ’ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে সদা জাগ্ৰত প্ৰহৰীৰ ভুমিকা পালন কৰিব লাগিব শিক্ষকসকলে। কিন্তু অতিসম্প্ৰতি, বিভিন্ন কাৰকৰ প্ৰভাৱত শিক্ষকসমাজৰ যি আপুৰুগীয়া মৰ্যদা, সেই মৰ্যদা বহুপৰিমানে ম্লান পৰি আহিছে।
ইয়াৰ অন্তৰালৰ কাৰণ বহুতো আছে যদিও একাংশ শিক্ষক (কম সংখ্যক)ৰ নিজৰ বৃত্তিগত দায়বদ্ধতা, সামাজিক দায়বদ্ধতা আৰু নৈতিক দায়বদ্ধতাৰ অভাৱ আৰু শিক্ষাদানৰ প্ৰতি প্ৰকাশ কৰা চৰম উদাসীনতা, বিভিন্ন কেলেংকাৰী তথা অপকৰ্মৰ সৈতে এচাম শিক্ষক জড়িত হোৱা, শিক্ষকতা বৃত্তিত যোগ্য আৰু মেধাৱী জনৰ বিপৰীতে অযোগ্য ব্যক্তিৰ সংখ্যা বৃদ্ধি আদি কাৰকে সমগ্ৰ শিক্ষক সমাজৰে মৰ্যদা বহু পৰিমানে যে লাঘৱ কৰিছে সি নিশ্চিত।
এককথাত শিক্ষকসকলে ইতিবাচক চিন্তা, কাৰ্যপ্ৰণালী, সামাজিক দায়বদ্ধতা আৰু আদৰ্শ জীৱন যাপনৰে ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জ্জনৰ বাবে অনুপ্ৰাণিত কৰি ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাব পাৰিলেহে শিক্ষকতাৰ সাৰ্থকতা থাকিব। শেষত ড০ এ. পি. জে. আব্দুল কালামে তেওঁৰ ‘India 2020- A Vission Of the New Millenium’ গ্ৰন্থত লিখি থৈ যোৱা এষাৰ বাক্যৰেই সামৰিব খুজিছো- ‘আপুনি এগৰাকী শিক্ষক হিচাপে আপোনাৰ যিমানখিনি ক্ষমতা আছে সেই ক্ষমতাৰে আপুনি ভৱিষ্যৎ প্ৰজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত সমাজৰ অন্য এজনতকৈ বিশেষ ভূমিকাৰে অৱতীৰ্ণ হ’ব লাগিব।’
লোখকঃ হিমাংশু ৰণ্জন ভূঞা