Breaking

Effect Of Milk Tea: গাখীৰ চাহে কৰে মানুহক দুৰ্বল! দৈনিক গাখীৰ চাহ খোৱাৰ পৰিনাম কি হ’ব জানি লওক…

28

চাহ খোৱা মানুহে চাহ অবিহনে জীয়াই থাকিব নোৱাৰে।(Milk Tea) যদি আপুনি দিনটোত কেইবাবাৰো গাখীৰ চাহ খায়, তেন্তে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গাখীৰ চাহ খাই গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্বে গাখীৰ চাহ খালে শৰীৰৰ কি কি সমস্যা সন্মুখীন হ’ব জানি লওক এই সমূহৰ বিষয়ে।

গাখীৰত কেলচিয়াম থাকে। কিন্তু গাখীৰৰ চাহত কেফেইন আৰু টেনিন থাকে, যাৰ ফলত শৰীৰত কেলচিয়াম মাত্ৰা কমাই। সেয়েহে বেছিকৈ গাখীৰ চাহ খালে হাড়বোৰ দুৰ্বল হৈ পৰে।(Side effect of milk tea)

বেছিকৈ গাখীৰ চাহ খালে দাঁতৰ ক্ষতি হয়। কাৰণ গাখীৰৰ চাহত থকা চেনিয়ে দাঁতৰ ক্ষতি কৰে।

অত্যধিক গাখীৰৰ সৈতে চাহ খালে ছালৰ লগত জড়িত সমস্যা হব পাৰে, যেনে মুখৰ ব্ৰণ। ইয়াৰ উপৰিও ছালৰ উজ্বলতাও নোহোৱা কৰিব পাৰে।

গাখীৰৰ লগত চাহ খালে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যা হ’ব পাৰে। পেটত ফুলি উঠিব পাৰে আৰু পেটৰ চৰ্বি বৃদ্ধি হ’ব পাৰে।(Effect Of Milk Tea)

যদি আপুনি বেছিকৈ গাখীৰ দি চাহ খাই তেন্তে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গাখীৰৰ চাহ খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃ Milk Benefits: প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ হ’ব পৰিৱৰ্তন…

যদি আপুনি দৈনিক গাখীৰৰ সৈতে চাহ খায় তেন্তে আপোনাৰ ওজনতো প্ৰভাৱ পৰিব। বিশেষকৈ যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰি আছে, তেন্তে গাখীৰ চাহৰ পৰা আঁতৰি থাকিব।

চাহত কেফেইন থাকে, সেয়েহে চাহ খালে টোপনিৰ ওপৰতো প্ৰভাৱ পৰে। বিশেষকৈ সন্ধিয়া দেৰিকৈ চাহ খালে টোপনি অহাত অসুবিধা হ’ব পাৰে।

published by: munmi gogoi

Comments are closed.