Breaking

গাড়ীগাঁৱ,জালুকবাৰীত ঘৰতে সকলোৱে পঢ়িলে ঈদ-উল-ফিটৰৰ নামাজ

0 2,054

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ  পবিত্ৰ  ৰমজান মাহৰ অন্তত পালন কৰি অহা ত্যাগৰ উৎসৱ ” ঈদ – উল – ফিটৰ”ৰ সমূহীয়া নামাজ এইবেলি কতো সম্পন্ন নহল ক’ভিড মহামাৰীৰ বাবে । ক’ভিডৰ  গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে গাড়ীগাঁৱ , জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোক সকলে আজি পুৱা নিজ ঘৰতে তাকো সামাজিক দূৰত্ব বজাই ৰাখি নামাজ আদায় কৰে । এই সন্দৰ্ভত গাড়ীগাৱ ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইন , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে  বিগত ২০২০ বর্ষতো ক’ভিড মহামাৰীৰ বাবে নিজ ঘৰতে সকলোৱে পৰিয়ালৰ সদস্য সকলৰ সৈতে নামাজ আদায় কৰিছিল । একেদৰে আজিও ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে নিজ ঘৰতে সকলোৱে  নামাজ আদায় কৰিব লগীয়া হয় । অৱশ্যে মহান আল্লাই মানৱ জাতিৰ বাবে অতি শীঘ্ৰেই ভাল দিন আনিব বুলিও দুয়োজন কৰ্মকর্তাই সদৰি কৰি সকলোৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি নিজ ঘৰতে নামাজ আদায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.