Breaking

ৰাজধানী চহৰ দিল্লীত পানীত ডুবি এতিয়ালৈ ৮জনৰ মৃত্যু

0 13

৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত এতিয়া বানপানীৰ কবলত ককবকাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী চহৰ দিল্লী | ঘটনাৰ বিৱৰণী অনুসৰি প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ৮ জনকৈ লোকৰ মৃত্যু হয়। প্ৰচণ্ড বৃষ্টিপাতৰ ফলত আনন্দ বিহাৰত এখন দেৱাল ভাঙি ৩ জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিছে। বিয়লি নতুন দিল্লীৰ উছমান অঞ্চলত পানীত ডুবি ১০ বছৰীয়া দুই শিশুৰ লগতে ছালিমাৰ বাগ অঞ্চলত পানী ভৰ্তি ‘আণ্ডাৰপাছ’ৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ৩ ব্যক্তিৰ মৃত্যু হৈছে।

আণ্ডাৰপাছত পানীৰ মাজতে আবদ্ধ হৈ পৰ বাছখনৰ ভিতৰত যাত্ৰীসকলক স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰৱল বৰষুণৰ বাবেই বিস্তৃৰ্ণ অঞ্চলত বিদ্যুৎ সংযোগ,খোৱা পানীৰ যোগান বন্ধ হৈ পৰিছে। বহু স্থানত গছ বাগৰি পৰাৰ ফলত বহু বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা যায় ।

Leave A Reply