Breaking

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ

0 116

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ। এই নিৰ্বাচনত কেৱল অসমেই নহয়; পশ্চিম বংগ, কেৰালা, তামিলনাডু তথা পুডুচেৰীৰ নিৰ্বাচনত Postal Ballot ৰ ব্যৱস্থা প্ৰৱাসী ভাৰতীয় সকললৈও সম্প্ৰসাৰণ কৰিব বিচাৰিছে । এই প্ৰস্তাৱৰ প্ৰসংগতে নিৰ্বাচন আয়োগে শেহতীয়াকৈ আইন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে, নিৰ্বাচন আয়োগৰ মূখপাত্ৰই উক্ত বিষয়টো বিবেচনাধীন হৈ থকা বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, এই নিয়ম প্ৰযোজ্য কৰিবলৈ “Conduct of Election Rules 1961” ত সংশোধনী আনিব লাগিব। Electronically Transmitted Postal Ballot System শীৰ্ষক এই ব্যৱস্থাত বেলট ইলেকট্ৰনিক মাধ্যমৰে প্ৰেৰণ কৰা হ’ব; কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰবাসী ভাৰতীয়জনে ডাকযোগে বেলট পেপাৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়া ভাৰতবর্ষৰ ভাৱমূৰ্তিত গৰিমা সনাত সহায়ক হ’ব বুলি ক’ব বিচাৰে।

Leave A Reply

Your email address will not be published.