প্ৰযুক্তিৰ জগতখনৰ অন্যতম প্ৰভাৱশালী ব্যক্তি ইলন মাস্ক। সদায় নতুন নতুন ধাৰণা আৰু উদ্ভাৱনৰ বাবে তেওঁ পৰিচিত। তেওঁৰ কোম্পানী টেছলা আৰু স্পেচএক্সৰ সফলতাৰ কথা সকলোৱে জানে। কিন্তু এইবাৰ তেওঁ আন এটা নতুন বিষয় উত্থাপন কৰিছে। প্ৰযুক্তিয়ে পৃথিৱীত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। মাস্কে ঘোষণা কৰিছে যে তেওঁৰ নতুন এআই চেটবট “গ্ৰক” এতিয়া সকলো ব্যৱহাৰকাৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব।
“গ্ৰক” হৈছে এটা অত্যাধুনিক AI চেটবট, যিটো OpenAI ৰ ChatGPT আৰু Google ৰ Gemini ৰ দৰে শক্তিশালী প্ৰযুক্তিৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে মানুহৰ দৈনন্দিন জীৱনত অধিক ফলপ্ৰসূ আৰু সহায়ক হোৱা আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
গ্ৰ’ক মুক্ত হোৱাৰ খবৰে টেক প্ৰেমীৰ মাজত যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে। বহুতে ইয়াৰ শক্তি আৰু সম্ভাৱনাৰ বিষয়ে কৌতুহলী হৈ পৰিছে আৰু আশা কৰিছে যে ই নতুন দিগন্ত মুকলি কৰিব। মাস্কৰ লক্ষ্য কেৱল ব্যৱসায়িক সফলতাই নহয়, ভৱিষ্যতে প্ৰযুক্তিৰ এক নতুন ৰূপ গঢ় দিয়া, য’ত এআইয়ে মানুহৰ জীৱনত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এই নতুন পদক্ষেপৰ জৰিয়তে Grok AI chatbot কেৱল প্ৰযুক্তিগত অগ্ৰগতি নহয়, ই এক নতুন যুগৰ সূচনা কৰিব। য’ত প্ৰতিজন ব্যক্তিয়ে সহজেই শক্তিশালী আৰু উদ্ভাৱনীমূলক প্ৰযুক্তিৰ সুবিধা ল’ব পাৰে।