Breaking

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…

0 26

উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতিষ্ঠান কলেজ অৱ এডুকেশ্বন নগাঁৱৰ উদ্যোগত কালি দিনযোৰা কাৰ্যসূচীৰে এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। এই সভাখনত সভাপতিত্ব কৰে কলেজ পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তুলিকা শইকীয়াই। কলেজ অৱ এডুকেশ্বন নগাঁৱৰ অধ্যক্ষ ড° মানশিখা বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটিত কলেজৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্রশিক্ষার্থী তথা কমর্চাৰীসকল উপস্থিত থাকে।

সভাখনত বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক, সমাজসেৱক তথা কলেজ অৱ এডুকেশ্বন নগাঁৱৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য , পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুঞ্জ মোহন বৰাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰপৰা আজীৱন শিক্ষাসেৱা আৰু সমাজসেৱাত ব্ৰতী হৈ থকাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ এম.এড বিভাগৰ সহযোগী অধ্যাপিকা ড° শেৱালি বৰাই।

সভাপতিৰ ভাষণ প্ৰদান কৰি আলোক গোস্বামীয়ে কুঞ্জ মোহন বৰাৰ বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হিচাপে তেখেতৰ ভূমিকাৰ শলাগ লয়। ড° মিনতি শৰ্মা ভৰালীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰা ভাষণ প্ৰদান কৰে । মৌচুমী দত্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত গীত আৰু আবৃত্তি পৰিৱেশন কৰে বনশ্ৰী শইকীয়া আৰু পল্লিকা বৰাই।

Leave A Reply

Your email address will not be published.