Breaking

সদৌ‌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁটা প্ৰদান বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক…

0 114

৩১ আগষ্ট ২০২৩ তাৰিখ বৃহস্পতিবাৰে সদৌ অসম কবি মঞ্চৰ বিষয় ববীয়াসকলে সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁ‌টা প্ৰাপক, বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতক “প্ৰজ্ঞাৰত্ন” বঁ‌টা ২০২৩ প্ৰদান কৰে।

উল্লেখ্য যে সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ উদ্যোগত যোৱা ২৮ আগষ্ট, সোমবাৰে ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁ‌টা প্ৰদান অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা উপস্থিত থাকিব নোৱাৰা

বাবে আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ সদৌ অসম কবি মঞ্চৰ বিষয় ববীয়াসকলে ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁ‌টা প্ৰদান কৰে। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনৰ সৈতে ৰঞ্জু হাজৰিকাৰ বাসগৃহত উপস্থিত

থাকে সদৌ অসম কবি মঞ্চৰ উপ-সভাপতি সৰোজিনী বসুমতাৰী, অন্নদা বড়ো ৰংপী, সহকাৰী সম্পাদক কুলদ্বীপ গৌতম শৰ্মা, কাৰ্য্যনিৰ্বাহক সদস্যা প্ৰিয়াশ্ৰী নেওগ, জেবিন চুলতানা আৰু সাগৰিকা শৰ্মা।

Leave A Reply

Your email address will not be published.