Breaking

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান

0 59

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষ নিশ্বাস ত্যাগ।৩.১৫ মিনিটত GMCH ত শেষ নিশ্বাস ত্যাগ চিত্ৰশিল্পী গৰাকীৰ। ২২ ছেপ্টেম্বৰত GMCHত ভৰ্তি কৰোৱা হৈছিল চিত্ৰশিল্পী নীলপৱন বৰুৱাক। মঙলবাৰৰ পৰা ভেণ্টিলেশ্যনত আছিল চিত্ৰশিল্পীগৰাকী I

অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। কণ্ঠশিল্পী দীপালী বৰঠাকুৰে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো ‘হুইল চকী’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।

Leave A Reply

Your email address will not be published.