Breaking

অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলন গঠন

0 86

১৯৮৭ চনত অসমৰ বহু সংখ্যক গণ্য মাণ্য কবিৰ বিশেষ প্ৰচেষ্টাত গঠিত হোৱা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ কাব্যানুষ্ঠান অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলীত প্ৰথমবাৰৰ বাবে আজি প্ৰতিষ্ঠা লাভ কৰে মাজুলী জিলা কবি সন্মিলনে ।

আজি বিয়লি ১ বজাৰ পৰা গড়মূৰ প্ৰেছ ক্লাবত মাজুলীৰ অৰ্ধ শতাধিক কাব্যপ্ৰেমী ৰাইজৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যকৰ্মী ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অসম কবি সন্মিলনৰ লক্ষীমপুৰ জিলা কবি সন্মিলনৰ সম্পাদক ডঃ তৰুণ চন্দ্ৰ বৰা, দুলাল দিহিঙ্গীয়া, মিনু নেওগ ভৰালী প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়াৰ পৰ্যবেক্ষণত পোনপ্ৰথমবাৰৰ বাবে অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনে জন্ম লাভ কৰে।

সাহিত্য সংগঠক মনোজ্যোতি ৰেগন, কবি শংকুসিদ্ধ নাথ, কবি পাৰুল বৰা মিলি, সংবাদ সেৱক কিশোৰী মোহন পালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত সৰ্বসন্মতিক্ৰমে কবি-সংগঠক ৰমেশ চন্দ্ৰ শইকীয়াক সভাপতি, মনোজ্যোতি ৰেগনক কাৰ্যকৰী সভাপতি, ৰূপজ্যোতি নাথ আৰু মুনিন টায়েক উপ-সভাপতি, পাপু বৰাক সম্পাদক, শংকুসিদ্ধ নাথ আৰু পাৰুল বৰা মিলিক যুটীয়া সম্পাদক, বিকাশ শইকীয়াক প্ৰচাৰ সম্পাদক, মহানন্দ হাজৰিকাক সাংগঠনিক সম্পাদক, ভৱানন্দ হাজৰিকাক পত্ৰিকা সম্পাদক, বিজয় শইকীয়াই কাব্য সংকলনৰ সম্পাদক, ৰুণমণি শইকীয়াক কোষাধ্যক্ষ, উৎপল কাকতি, ইভাৰাণী গোস্বামী, মহিম চন্দ্ৰ নাথ, খগেন হাজৰিকা, ৰাজীৱ বৰা, কৃষ্ণাৰাণী শইকীয়া বৰুৱা, দীপাংকৰ ভাগৱতী, অনন্ত কুমাৰ ঙাটে, কবিতা মৰাং পেগু, শৰ্মী দলে পেগু, শুভ্ৰা দলে, উমেশ সিং ৰাজপুত, তিলক ৰাজখোৱাক কাৰ্যকৰী সদস্য আৰু কিশোৰী মোহন পাল, বিষ্ণু প্ৰসাদ দেউৰী আৰু মানিক বৰুৱাক উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় ।

অসম কবি সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়া ডঃ তৰুণ চন্দ্ৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা ৰাজহুৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।

Leave A Reply

Your email address will not be published.