Breaking

Encounter in Dantewada: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৬ গৰাকী মহিলাসহ নিহত ৯ মাওবাদী

11

ছত্তীশগড়ৰ দন্তেওৱাড়া আৰু বিজাপুৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত ৯ জন মাওবাদী নিহত হৈছে(Encounter in Dantewada)। সংঘৰ্ষৰ কথা উল্লেখ কৰি দন্তেওৱাড়া আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। জিলাখনৰ সহকাৰী আৰক্ষী অধীক্ষক (ASP) আৰ কে বৰ্মনে জানিবলৈ দিছে যে নিহত মাওবাদীকেইজনৰ ভিতৰত ৬ গৰাকী মহিলা সদস্যাও আছে(Security Forces Kill 9 Naxalites) । তাৰোপৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

দন্তেওৱাড়া, ৪ ছেপ্তেম্বৰ: মাওবাদ বিৰোধী অভিযানৰ(Anti-Naxalite operations) অংশস্বৰূপে, ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলা হৈছে । ইয়াৰে অংশ হিচাপে, দন্তেওৱাড়া আৰু বিজাপুৰৰ সীমান্তত(Encounter on Dantewada-Bijapur Border) নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলৰ সৈতে মঙলবাৰে মাওবাদীৰ এটা দলৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত ঘটে(Encounter in Dantewada) । সংঘৰ্ষস্থলীত দুয়োপক্ষৰ মাজত বহু সময় ধৰি গুলীবৰ্ষণ অব্যাহত থাকে । দন্তেওৱাড়াৰ সহকাৰী আৰক্ষী অধীক্ষক (এএসপি) আৰ কে বৰ্মনে এই সংঘৰ্ষৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত সদৰী কৰা তথ্য অনুসৰি এতিয়ালৈকে ৯ জন মাওবাদী নিহত হৈছে(Security Forces Kill 9 Naxalites)।

দন্তেওৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জানিবলৈ দিয়া অনুসৰি, ২ ছেপ্টেম্বৰত বিজাপুৰ আৰু দন্তেওৱাৰাৰ সীমান্তত অৱস্থিত কিৰন্দুল আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত পশ্চিম বস্তাৰ ডিভিজন, দৰভা ডিভিজন আৰু পিএলজিএ ২ নম্বৰ কোম্পানীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱা গৈছিল । এই তথ্যৰ ভিত্তিতে দন্তেওৱাড়াৰ পৰা ডিআৰজি(District Reserve Guard), চিআৰপিএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ দলে যুটীয়াভাৱে চাৰ্চ অভিযান আৰম্ভ কৰে । নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই সেই স্থানত উপস্থিত মাওবাদীৰ দলটোৱে অভিযানকাৰী দলটোলৈ গুলীচালনা কৰে। প্ৰত্যুত্তৰ হিচাপে নিৰাপত্তাৰক্ষীৰ দলটোয়েও কৰা গুলীচালনাত ৯ টাকৈ মাওবাদীৰ মৃত্যু হয় । সংঘৰ্ষৰ অন্তত সেই স্থানৰ পৰা নিৰাপত্তাৰক্ষীয়ে ৬গৰাকী মহিলা মাওবাদী সদস্যাকে ধৰি নটা মৃতদেহ উদ্ধাৰ কৰে ।

সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে স্বয়ংক্ৰিয় অস্ত্ৰ, এছএলআৰ, ৩০৩ ৰাইফল, ৩১৫ ৰাইফল, ১২ ব’ৰ ৰাইফলকে ধৰি বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বহু পৰিমানে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে(Weapons and Equipment Recovered)। এই মুখামুখি সংঘৰ্ষত অৱশ্যে নিৰাপত্তা বাহিনীৰ কোলো লোক আহত হোৱা নাই । অঞ্চলটোত আৰু অধিক মাওবাদী সদস্য থকাৰ সন্দেহত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে।

ইপিনে, দন্তেওৱাড়াৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ২০২৪ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে বস্তাৰ অঞ্চলত হোৱা বহুকেইটা এনকাউণ্টাৰত ১৫৩ জন মাওবাদী নিহত হৈছে। ইয়াৰ উপৰিও, এই সময়ছোৱাৰ ভিতৰত মুঠ ৬৬৯ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৬৫৬ জনে আত্মসমৰ্পণ কৰিছে(Anti-Naxalite Operations in Chhattisgarh) ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ২৪ আগষ্টতআশ্বাসেৰে ঘোষণা কৰিছিল যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশখনক নক্সালবাদমূক্ত কৰিবলৈ চৰকাৰ সফল হ’ব। এই ঘোষণাৰ পিছতে নক্সালবাদ অৰ্থাৎ মাওবাদৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলা হৈছে।

লগতে পঢ়ক: J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

Comments are closed.