Breaking

জামুগুৰিহাটত নন্দোৎসৱ তথা বোকাখচা ভাওনাৰ সামৰণি…

0 1,609

শোণিতপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰিলে ২৬৭বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰে সমৃদ্ধ জামুগুৰিহাটৰ পাতলতচুক গাঁওৰ নন্দোৎসৱ তথা বোকাখচা ভাওনা। গকুলৰ বুঢ়া ৰজা নন্দই পুত্ৰ সন্তান লাভ কৰাৰ আনন্দত গকুলত গোপ -গোপীসকলে যি আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰিছিল সেই দৃশ্য কেই প্ৰতীকি ৰুপত জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ ৰাইজে ২৬৭বছৰ ধৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতিনীতিৰে পালন কৰি আহিছে।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নিশা শ্ৰীকৃষ্ণৰ জন্মাযাত্ৰা নাটক অনুষ্ঠিত হোৱাৰ পাছত কালি সন্ধিয়াৰ ভাগত গাঁওখনৰ নামঘৰ চৌহদত অনুষ্ঠিত হোৱা নন্দোৎসৱ তথা বোকাখচা ভাওনাত এইদৰেই গাঁওখনৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে অংশ গ্ৰহণ কৰা দেখা যায়। গাঁওবাসী ৰাইজ বিশ্বাস- গাঁওখনত যদি এই ভাওনা অনুষ্ঠিত নহয় তেন্তে গাঁওখনত নানা অপায়-অমঙ্গলে দেখা দিয়ে।সেয়েহে গাঁওবাসী ৰাইজে বিৰতিহীনভাৱেই ২৬৭বছৰ ধৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা তথা নন্দোৎসৱ অনুষ্ঠিত কৰি আহিছে।জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয় ভাওনাৰ পাছতেই পাতলৰচুক গাঁওৰ এই বোকাখেচা ভাওনাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

Leave A Reply

Your email address will not be published.