Breaking

ধেমাজিত ‘পিচাক দমাচি’ৰ সামৰণি

0 86

ধেমাজিৰ লালুং তিনিআলিত অসমৰ অন্যতম জনগোষ্ঠী তিৱা সকলৰ ছাত্ৰ সংগঠন সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে উদযাপন কৰা পঞ্চম বাৰ্ষিক পিচাক দমাচিৰ আজি সফলতাৰে সামৰণি পৰে৷

আজি শেষৰ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰে। ধেমাজি জিলাৰ পিচাক দমাচিৰ প্ৰতিষ্ঠাপক সভাপতি মুংছা ৰামচন্দ্ৰ লালুঙে উদ্ধোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ লগতে ধেমাজিৰ ২৯‌খন গাঁৱৰ তিৱা লোকে আহি অংশগ্ৰহণ কৰে। এটা জাতিৰ প্ৰথম পৰিচয় জাতিটোৰ ভাষা, সাজ-পোছাক আৰু কৃষ্টি সংস্কৃতি।

শুভাযাত্ৰাৰ আঁত ধৰোতাই কোনোৱা খিনিত তিৱা সকলে নিজকে পাহৰি যোৱাৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। হেৰাই যাৱ ধৰা তিৱা জাতিৰ অস্তিত্ত্বক পুনৰোজ্জীবিত কৰি জাতিটোৰ ভাষা, কৃষ্টি সংস্কৃতি নিজৰ লগতে অসম তথা ভাৰতৰ অন্যান্য ভাষা ভাষিক লোকৰ আগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি সাংস্কৃতিক শুভাযাত্ৰা বাহিৰ কৰাৰ কথা উল্লেখ কৰে।

সাংস্কৃতিক শুভাযাত্ৰাৰ পাছতেই “বৃত্তিমুখী শিক্ষা আৰু তিৱা যুৱ সমাজ” ৰ ওপৰত এখনি আলোচনা চক্ৰও অনুষ্ঠিত হয়। একেখন মঞ্চতে “পাংছি”নামৰ এখন স্মৃতিগ্ৰন্থ ও উন্মোচন কৰা হয়।

Leave A Reply

Your email address will not be published.